নিউজ ডেস্ক, ৮ আগষ্টঃ এজন ভুৱা আৰক্ষীক আটক । নিজকে এছ আই বুলি পৰিচয় দি ইনষ্টাগ্ৰামত ৰিল ভিডিঅ’ বনাই যুৱতীক প্ৰলোভিত কৰা এজন ভুৱা আৰক্ষী বিষয়া জালত পৰিল প্ৰকৃত আৰক্ষীৰ হাতত । শণিবাৰে তেজপুৰ পৰুৱা চাৰিআলিত বাহন চেকিং কৰি কৰ্তব্য পালনৰ অভিনয় কৰিছিল পংকজ হাজৰিকা নামৰ যুৱকজনে। তেনে সময়তেই মহাভৈৰৱ আৰক্ষীয়ে খৱৰ লাভ কৰি ধৃত যুৱকজনক আটক কৰে । যুৱকজনে স্বীকাৰ কৰা মতে, বাণিজ্য শাখাত স্নাতক ডিগ্ৰী গ্ৰহণৰ পিছতে নিজৰ চখ পূৰণৰ বাবে আৰক্ষীৰ পোছাক পৰিধান কৰি আহিছিল। ধৃত যুৱকজনে আৰক্ষীৰ পোচাকৰ লগতে ভাৰতীয় সেনা, বিজেপীৰ ৰাজনাথ সিংৰ ফটো ধৃত যুৱকজনৰ মোবাইলত পোৱা গৈছে ।
আনহাতে, তেজপুৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিজকে কেতিয়াবা আৰক্ষী বিষয়া আৰু কেতিয়াবা কামাণ্ডো বুলি চিনাকী দি তেজপুৰ, ধেমাজী, গুৱাহাটী আদি অসমৰ ভিন্ন প্ৰান্তত ধন দাবীৰ দৰে ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে ভুৱা আৰক্ষী বিষয়া পংকজ হাজৰিকাৰ বিৰুদ্ধে ।