জুন মাহতে অনুষ্ঠিত হ’বলগীয়া স্নাতক ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা পিছুৱালে গুৱাহাটী বিশ্ববিদ্য়ালয়ে । কিয়নো প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য় ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্য়ালয় কৰ্তৃপক্ষই । নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত বানপানী , ভূমিস্থালনসদৃশ প্ৰাকৃতিক দূৰ্যোগৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে পৰীক্ষা সম্পৰ্কীয় বিষয়টো তদাৰক কৰিবলৈ বিশ্ববিদ্য়ালয়খনে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে । উপাচাৰ্যৰ কনফাৰেন্স হলত অনুষ্ঠিত এই বৈঠকখনতে পূৰ্বৰ ২৫ জুনৰ পৰিৱৰ্তে এতিয়া ২৯ জুনত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
তদুপৰি , পৰীক্ষা নিৰ্ধাৰিত সময় অধিক পিছুৱাৰ ফলত স্নাতকোত্তৰ মহলাৰ নামভৰ্তি প্ৰক্ৰিয়াত জটিলতা সৃষ্টি হোৱাৰ আশংকা কৰি ২৯ জুনত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি সিদ্ধান্তত উপনীত হৈছে যদিও নামনি অসমৰ ভালেমান অঞ্চল যেনে নলবাৰী , ৰঙিয়া , বৰপেটা আদি কেইবাটাও অঞ্চল কালৰূপী বানে বিধ্বস্ত কৰাত সেইসমূহ অঞ্চলৰ পৰীক্ষাৰ্থীয়ে এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নোৱাৰে সেই সম্পৰ্কে এতিয়াও অনিশ্চয়তাত গুৱাহাটী বিশ্ববিদ্য়ালয় কৰ্তৃপক্ষ ।