ডেৰ লাখ টকাকৈ বিহু সমিতিলৈ চৰকাৰৰ সাহাৰ্য

Share

১৩ এপ্ৰিলত মুখ্যমন্ত্ৰী  ড° হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰত ৰাজ্যৰ ২হাজাৰ ১১৪খন বিহু সমিতিক ডেৰ লাখকৈ টকাৰ এক কালীন সহাৰ্য প্ৰদান কৰে। বিগত বছৰৰ পৰাই ১০বছৰ পুৰণি এই বিহু সমিতিসমূহক বিহু পাতিবলৈ এনেদৰে আৰ্থিক সাহাৰ্য প্ৰদান কৰি অহা হৈছে। ২হাজাৰ ১১৪খন আৰ্থিক সাহাৰ্য প্ৰদান বিহু সমিতিৰ ভিতৰত ১২০খন গুৱাহাটীৰ বিহু সমিতি আছে। কলাক্ষেত্ৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত বিহুৰ সমিতিৰ লগত সামঞ্জস্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।

তাৰ ভিতৰত পহিলা জেঠৰ পৰা ৰাজ্যত কোনো বিহুৰ অনুষ্ঠান পাতিব নোৱাৰিব বুলি উল্লেখ কৰে।  ইয়াৰ পৰিৰ্ৱতে বিহু সমিতিয়ে অন্য়ান্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। এই ক্ষেত্ৰত বিহু সমিতিসমূহক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বৱান জনাইছে। আনহাতে বিহুসমিতিসমূহকো চান্দা সংগ্ৰহ নকৰিবলৈ আহ্বৱান জনাইছে। চান্দাৰ পৰিৱৰ্তে  হুঁচৰি মাৰিবলৈ কয়। ইয়াৰোপৰি অসমীয়া ৰাইজক আহ্বৱান জনাই তেওঁ সাঁতবিহু পালন কৰিবলৈ। অহা বছৰৰ পৰা চৰকাৰৰ সহযোগত সাঁতবিহু উদযাপন হ’ব বুলিও ঘোষণা কৰিছে।

লগতে তেওঁ বিহু মঞ্চত সুৰাপান কৰা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে। বিহু মঞ্চত সুৰা সেৱন কৰি অনুষ্ঠান পৰিৱেশৰ ক্ষেত্ৰত বিহু সমিতিক বিশেষ নজৰ দিবলৈ আহ্বৱান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *