ৰাজ্যৰ স্বাস্থ্য বিভাগত সততেই বহু অভিযোগ উথাপন হৈ অহা পৰিলক্ষিত হৈছিল বিগত সময়ছোৱাত।বিভাগীয় শিক্ষানুষ্ঠানসমূহৰ কোনোবাই যদি নামভৰ্তিৰ নিয়ম নীতি উলংঘা কৰি আহিছে,আন কোনোবাই আকৌ পাঠ্যক্ৰম ক্ষেত্ৰত নিজাববীয়াকৈ সিদ্ধান্ত সোৱা দেখা গৈছিল।
আনহাতে, এনেধৰণৰ আঁসোৱাহ সমূহ দূৰ কৰিবলৈকে অসম চৰকাৰৰ শেহতায়ীকৈ এলানী নিৰ্দেশনা জাৰি কৰিছে এই পাঠ্যক্ৰম সমূহ প্ৰদান কৰা শিক্ষানুশষ্ঠান সমূহলৈ ।
সেই অনুসৰি ফাৰ্মাচী, নাৰ্চিং, ফিজিঅ’থেৰাপী, পেৰামেডিকেল জাতীয় শিক্ষা প্ৰদান কৰা ৰাজ্যৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সকলো শিক্ষানুষ্ঠানে এতিয়াৰে পৰা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অৱ হেল্থ চায়েন্সৰ অন্তৰ্গত হ’ব লাগিব । যিসকল এনেধৰণৰ শিক্ষানুষ্ঠানে বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অৱ হেল্থ চায়েন্সৰ ঠাইত অইন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আছে সেইসকলে এই বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত হ’বলৈ আবেদন জনাব পাৰিব । শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেলথ চাইন্স চমুকৈ এ এ ইউ এইচ এচে ২০২৩-২৪ শিক্ষাবৰ্ষত এনে ধৰণৰসকলো শিক্ষানুষ্ঠান নিজৰ অধীনলৈ আনিব।
উল্লখযোগ্য যে, নতুন নিৰ্দেশনা অনুসৰি এই পাঠ্যক্ৰম সমূহত নামভৰ্তি কৰিবলৈ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হব। পৰৱৰ্তী বৰ্ষৰ পৰা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটি অৱ হেল্থ চায়েন্সে আয়োজন কৰা প্ৰৱেশিকা পৰীক্ষাৰ জৰিয়তেহে শিক্ষাৰ্থীসকলে এই শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰিব পাৰিব ।
এই ঘোষণা সন্দৰ্ভত মেডিকেল এড্যুকেশ্বন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেন্টৰ আয়ুক্ত সিদ্ধাৰ্থ সিঙৰ স্বাক্ষৰ থকা নিৰ্দেশনাৱলীত উল্লেখ থকা অনুসৰি , কিছু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে স্বাস্থ্য খণ্ডত সৃষ্টি কৰা আসোৱাহ আৰু খেলিমেলিবোৰ শেহতীয়াকৈ অসম চৰকাৰৰ দৃষ্টিগোচৰ হৈছে।কেৱল এয়াই নহয় ,এনে খেলিমেলিবোৰৰ ওপৰিও ভুৱা ডিগ্ৰীধাৰী বহু শিক্ষাৰ্থী পোহৰলৈ আহিছে ।