ভুপেশ খাটনিয়াৰ, কালজিৰাপাৰা সত্ৰ, বজালী
বিকাশ, অচ্ছেদিন আৰু প্ৰেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি এই তিনিওটা শব্দই ২০১৪ চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিত তিনিটা বেলেগ বেলেগ শব্দ আছিল। কিন্তু নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰে পৰা প্ৰতিদিনে প্ৰেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি এনেধৰণৰ হ’ব ধৰিছে যে, যোৱা ৭০ বছৰৰ ৰেকৰ্ড ভাঙি পেলালে। ৰাইজক বুৰ্বক বনোৱাৰ প্ৰৱণতা, বিভ্ৰান্তিকৰ প্ৰচাৰ আৰু মেডিয়াৰ একাংশৰ সহযোগত আজি মোদী চৰকাৰে প্ৰেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক নহয় বিকাশৰ একমাত্ৰ মানৱ অধিস্থিত কৰালে। এতিয়া এনে অৱস্থা হৈছেগৈ যদি কোনোবা এদিন প্ৰেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি নহয় বা ৰাইজৰ পকেটৰ পৰা এটকাও বেছিকৈ চৰকাৰে উলিয়াব নোৱাৰে তেন্তে ভাৰতবৰ্ষৰ বিকাশ আৰু অচ্ছেদিনত ব্যাঘাত জন্মিব।