সন্ত্ৰাসবাদী কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতৰ এক ডাঙৰ পদক্ষেপ।জম্মু কাশ্মীৰত নিষিদ্ধ কৰা হ’ল ১৪টা ম’বাইল এপ।নিষিদ্ধএপবোৰৰমাজত আছেCrypviser,Enigma,Safewiss,Wickrme,Mediafire,,Briar,BChat,Nandbox,Conion,IMO,Element,Second Line,ZangiআৰুThreemal
এজন বিষয়াই এ এন আইক জনায়,সন্ত্ৰাসবাদী সংগঠনবোৰে অভাৰগ্ৰাউণ্ড ৱৰ্কাৰসকলৰ সৈতে যোগাযোগ ৰাখিবৰ বাবে এই চেনেলবোৰৰ ওপৰত নজৰ ৰাখিছিল,নিৰ্দেশ ট্ৰেক কৰা নিৰ্দিষ্ট সময়ো আছিল।
এক সূত্ৰ খবৰ অনুসৰি,এই সকলোবোৰ এপ সম্পৰ্কে বহু পূৰ্বৰে পৰা ৰিপৰ্ট কৰিছিল চোৰাংচোৱাই।এই এপবোৰে ভাৰতীয় আইন লংঘন কৰিছিল বুলি অভিযোগ চৰকাৰৰ।বিগত কেইবাবছৰ ধৰি,চৰকাৰে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ যোগাযোগ নেটৱৰ্ক সমূলি ধ্বংস কৰাৰ চেষ্টা চলাইছিল।যিবোৰ এপ ব্লক কৰা হৈছে,সেইবোৰৰ বিভিন্ন ছাৰ্ভাৰ আছে আৰু সেইবোৰ ট্ৰেছ কৰা কঠিন হৈ পৰে।সেইবাবে ২০০০ৰ ৬৯এ ধাৰা অনুসৰি এই সকলোবোৰ এপ নিষিদ্ধ কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে জনায়।