পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল চৰকাৰী কৰ্মচাৰী

Share
ডিজিটেল ডেস্কঃ পুনৰ দুৰ্নীতি বিৰোধী দলৰ জালত পৰিল এগৰাকী দুৰ্নীতিগ্ৰস্ত শিক্ষক। মৰিগাঁও জিলাৰ হাতীমূৰীয়া এম ভি স্কুলৰ প্ৰধান শিক্ষক দিদাৰুল ইছলামক আজি উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে ধৰা পেলায় দুৰ্নীতি বিৰোধী দলে।
খবৰ অনুসৰি লাহৰীঘাট শিখা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনৰ পৰা বদলি হোৱা এগৰাকী শিক্ষকৰ চাৰ্ভিছ বুক আৰু এলপিচিৰ কাম কৰি দিয়াৰ বিনিময়ত ১২০০ টকাৰ উৎকোচ লৈছিল প্ৰধান শিক্ষক গৰাকীয়ে। বদলি হোৱা শিক্ষকৰ কাম কৰাৰ বিনিময়ত উৎকোচ লৈ থকাৰ অৱস্থাত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয় আৰু অসম অভিযানকাৰীৰ দলে হাতে লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে প্ৰধান শিক্ষক গৰাকীক।

Leave a Reply

Your email address will not be published. Required fields are marked *