কাগজ কলৰ কৰ্মচাৰীসকললৈ সুখবৰ

Share

জাগীৰোড আৰু পাঁচগ্ৰাম কাগজ কল দুটা বন্ধ হৈ পৰাৰ পাছত কল দুটাত নিয়োজিত হৈ থকা কৰ্মচাৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হব লগা হৈছিল। লগতে তেওঁলোকৰ লৰা-ছোৱালীৰ ভৱিষ্যতো অন্ধকাৰৰ পিনে ঢাল খাইছিল। কিন্তু অৱশেষত  ৰাজ্য চৰকাৰে  আজিৰে পৰা দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকলে প্ৰাপ্য অৰ্থ লাভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।হিন্দুস্তান  কাগজ নিগমৰ মুঠ ২৭৫১ গৰাকী কৰ্মচাৰীয়ে অনাদয় দৰমহা, গ্ৰেচুইটী ,পেঞ্চন আদিৰ বাবত মুঠ  ৮১০ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য পুজিঁ লাভ কৰিব বুলি  এক অনুস্থানত জানিব দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তাৰোপৰি কাগজ কল দুটাৰ যিসকল কৰ্মচাৰী বৰ্তমানেও চৰকাৰী চাকৰিৰ বাবে উপযুক্ত হৈ আছে  তেওঁলোকৰ মাজৰ মুঠ  ৮৪ গৰাকী লোকক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিয়োগ কৰা হব।অনুস্থানটিত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “আজিৰ দিনটো ৰাজ্যখনৰ বাবে এটা ইতিবাচক দিন।প্ৰায় এবছৰ ধৰি ৰাজ্য চৰকাৰে চলোৱা প্ৰচেষ্টাই আজি সফলতাৰ মুখ দেখিলে। ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ ফলত ৮১০ কোটি টকাৰ  এই সাহায্য পুজিঁয়ে কাগজ কল দুটাৰ ২০০৩ গৰাকী নিয়মীয়া আৰু ৭৪৮ গৰাকী  ঠিকাভিত্তিক কৰ্মীকে ধৰি সৰ্বমুঠ  ২৭৫১ গৰাকী কৰ্মচাৰীক উপকৃত কৰিব।”

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে “এই সাহায্য পুজিঁৰ অধীনত ২৫ কোটি টকাৰ বৰ্ধিত পুজিঁৰে এইচ পি চি এলৰ প্ৰাক্তন কৰ্মচাৰী আৰু ছুপাৰভাইজাৰ ৱেলফেয়াৰ ফাণ্ড গঠন কৰা হব। লগতে তেওঁ কয় যে দুৰ্নীতি  ভুল পৰিচালনাৰ বাবে কাগজ কল দুটা বন্ধ হৈ পৰিছিল,কিন্তু সাধৰণ কৰ্মচাৰীসকলে ইয়াৰ ফল ভূগিব লগীয়া  হৈছে।”

অনুস্থানটিত  চন্দ্ৰমোহন পাটোৱাৰী,অতুল বৰা,পৰিমল শুক্লবৈদ্য,অজন্তা নেওগ,পীয়ুষ হাজৰিকা,নন্দিতা গাৰ্লোছা ,প্ৰশান্ত ফুকনৰ লগতে কাগজ কলৰ বিভন্ন কৰ্মচাৰীৰ উপৰিও বহুতো গণ্য মান্য ব্যক্তি উপস্থত থাকে।

   

Leave a Reply

Your email address will not be published. Required fields are marked *