ক্ৰিকেট জগতলৈ সুখবৰঃ  ৰাজ্যত ২০২৩ চনৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব ৰাষ্ট্ৰীয় গেমচ 

Share

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্তৰ গুৱাহাটীত উপস্থিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা  কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ৰাজ্যত ২০২৩ চনৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব ৰাষ্ট্ৰীয় গেমচ। তাৰ সমান্তৰালকৈ আমিনগাঁও, চন্দ্ৰপুৰ, সৰুসজাইত অনুষ্ঠিত কৰা হ’ব ৰাষ্ট্ৰীয় গেমচ।

ইয়াৰ উপৰিও চন্দ্ৰপুৰত দিব্যাংগসকলৰ বাবে নিৰ্মাণ কৰা হ’ব অত্যাধুনিক ষ্টেডিয়াম।লগতে দেশৰ সৰ্ববৃহৎ বেডমিণ্টিন ষ্টেডিয়াম হিচাপে আমিনগাঁৱৰ ইণ্ডোৰ ষ্টেডিয়ামক সাজু কৰা হৈছে। ১১ আগষ্টত আমিনগাঁওৰ এই ষ্টেডিয়ামখন মুকলি কৰা হ’ব।
ইয়াৰ লগতে আমিনগাঁৱৰ ইণ্ডোৰ ষ্টেডিয়ামত নিৰ্মাণ কৰা হৈছে বিশ্বমানৰ এটা ছুইমিং পুল। তদুপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে ” ৰাজ্যত নতুন প্ৰশাসনিক সেৱাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ। এতিয়াৰ পৰা উপায়ুক্ত কাৰ্যালয়, ৰাজহ চক্ৰ কাৰ্যালয়ত নাথাকিব জনসমাগম । 

Leave a Reply

Your email address will not be published. Required fields are marked *