ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ সুখবৰ ! শীঘ্ৰেই ৰাজ্যত নিৰ্মাণ কৰা হব ২৪ খন মেডিকেল কলেজ

Share

নিউজ ডেস্ক,১২ আগষ্টঃ ব্যাপক পৰিৱৰ্তন ঘটিব ৰাজ্যৰ স্বাস্থ্য খণ্ডত। ২০৩০ চনৰ ভিতৰত ৰাজ্যত নিৰ্মাণ কৰা হ’ব মুঠ ২৪ খন মেডিকেল কলেজ। এই সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ। উল্লেখ্য যে এই বছৰৰ দুৰ্গা পূজাৰ আগতেই ৰাজ্যত পাঁচ খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। লগতে অহা বছৰত নলবাৰী আৰু কোকৰাঝাৰত নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। ৰাজ্যত ৮৩ খন সা-সুবিধাযুক্ত  ১০৮ খন এম্বুলেঞ্চ সেৱা মুকলি কৰাৰ পাছতেই এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে তেওঁ  ৰাজ্যৰ সকলো চিকি সালয়ত নাইট ছিজাৰিংৰ ব্যৱস্থাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগক। কোনো কাৰণতে যাতে চিকিৎসালয়সমূহত ঔষধৰ পৰিমাণ কম নহয় তাৰ ওপৰতো স্বাস্থ্য বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। 

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ” আমাৰ লক্ষ্য আছিল ২০৩০ চনৰ ভিতৰত বছৰি ২০০০ গৰাকী চিকিৎসকৰ লগতে ২৪ খন মেডিকেল কলেজৰ নিৰ্মাণ কৰা আৰু আমি এই লক্ষ্যত ধাৱমান হৈছো আৰু উপনীত হম। প্ৰত্যকখন জিলা হাস্পতালত নাইট ছিজাৰিং কৰিব পৰা হয় তাৰ ক্ষেত্ৰত যাতে বহুতখিনি গুৰুত্ব হয়। স্বাস্থ্য বিভাগে এটা এডভাৰটাইছমেণ্ট উলিয়াব লাগে । যত পুৰণি এম্বুলেঞ্চবোৰ যদি কোলো এন জি অই লব বিচাৰে তেন্তে বিনামূলীয়াকৈ তেওঁলোকক প্ৰদান কৰা হব আৰু এই  এম্বুলেঞ্চবোৰ যাতে সামাজিক কামত ব্যৱহাৰ কৰে। “

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *