প্ৰকৃতিপ্ৰেমী মানৱসৃষ্ট সকললৈ ভাল খবৰঃ মহানগৰীৰ মাজমজিয়াত প্ৰাণ পাব এখন অৰণ্য

Share

গুৱাহাটী মহানগৰীত দিনক দিনে ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে প্ৰদূষণৰ মাত্ৰা। অতিমাত্ৰা পৰিৱেশ প্ৰদূষণে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে। মহানগৰীত ভয়ংকাৰ হাৰত বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণৰ পৰা মহানগৰীবাসীক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক পদক্ষেপ।

ইতিমধ্যে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ অধীনত পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে নতুন প্ৰকল্পৰ DRP প্ৰস্তুত কৰা হৈছে। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে এই নতুন প্ৰকল্পৰ বিষয়ে প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ GMDA ৰ বিভাগে কাম কাজ কৰাৰ আৰম্ভ কৰিছে।

অসম চৰকাৰে ইতিমধ্যে গুৱাহাটীৰ বৰবাৰীৰ ৪ বৰ্গ কিলোমিটাৰ এলেকাত ঘন জংঘনৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ লগতে ঘন জংঘল নিৰ্মাণ কৰাৰ বাবে চৰকাৰে ৪ বৰ্গ কিলোমিটাৰ এলেকাত একেলগে ১৪ শ গছপুলি ৰোপন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *