চৰকাৰী চাকৰিয়ালসকলৰ বাবে সুখবৰ: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে স্বাগত সতীৰ্থ ২.০প’ৰ্টেল

Share

বহু জল্পনা কল্পনাৰ অৱসান ঘটাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মুকলি কৰিলে স্বাগত সতীৰ্থ ২.০ পৰ্টেল।কিন্তু কি এই স্বাগত সতীৰ্থ ২.০? স্বাগত সতীৰ্থ হৈছে অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ ডিজিটেল পৰ্টেল, যাৰ মূল লক্ষ্য হৈছে চৰকাৰী কৰ্মচাৰী তথা তেওঁলোকৰ সতীৰ্থসকলৰ সৈতে তথ্য আদান–প্ৰদান, সমন্বয়,যোগাযোগ আৰু বদলিকৰণ ব্যৱস্থাক অধিক সুচল কৰা। ২ ফেব্ৰুৱাৰী, সোমবাৰে অৰ্থাৎ আজিৰ দিনটোত দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প’ৰ্টেলটো আনুষ্ঠানিকভাৱে মুকলি কৰে।বহু সময়ত দেখা যায় যে চৰকাৰী কৰ্মচাৰীসকলে নিজৰ বদলি প্ৰক্ৰিয়াৰ সময়ত একাংশ মধ্যভোগীৰ ওচৰত হাত পতা দেখা যায়।

চৰকাৰী  কৰ্মচাৰীসকলে যাতে কোনো দালালৰ সহায় নোলোৱাকৈ বা কোনো মধ্যভোগীৰ হস্তক্ষেপ অবিহনে নিজৰ বদলি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে, তাৰ বাবে এই ডিজিটেল প্লেটফৰ্মটো সাজু কৰা হৈছে বুলি ভাষণত কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।লগতে পূৰ্বৰ স্বাগত সতীৰ্থৰ তুলনাত এই নতুন সংস্কৰণটোত অধিক স্বচ্ছতা আৰু কাৰ্যক্ষমতাৰ ওপৰত জোৰ দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে জনায় যে এই প’ৰ্টেলটোৰ জৰিয়তে এজন কৰ্মচাৰীয়ে কেৱল এবাৰহে বদলিৰ সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয়, যে ‘‘এটা বিত্তীয় বৰ্ষত দুবাৰকৈ প’ৰ্টেলটো খোলাৰ মুখ্যমন্ত্ৰীয়ে কথা দিছিল।আৰু সেই কথা ৰাখি ৩১ মাৰ্চৰ আগতে আৰু এটা বদলিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব খোজে, যাতে নতুন স্থানত কৰ্মচাৰীসকলে ১ এপ্ৰিল বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ পৰা যোগদান কৰিব পাৰে। অৱশ্যে পূৰ্বৰ উপকৃত হোৱা ৯,০০০ কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিব নোৱাৰিব। যোৱাবাৰ বঞ্চিত মানুহেহে নিজে বিচৰা স্থানলৈ আহিবলৈ এই সুবিধা লাভ কৰিব।’’

Leave a Reply

Your email address will not be published. Required fields are marked *