ভাৰতৰ ক্ৰিকেট অনুৰাগীৰ বাবে সু-খবৰ

Share

ভাৰতৰ ক্ৰিকেট অনুৰাগীৰ বাবে সু-খবৰ। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যাক ছিজনৰ নতুন সূচী ঘোষণা কৰে বি চি চি আইয়ে।১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল ২০২৫।আই পি এলৰ অফিচিয়েল x একাউন্টত পোষ্ট কৰি আই পি এলৰ পুনৰ আৰম্ভ হোৱাৰ তথ্য প্ৰকাশ কৰে।বি চি চি আইয়ে এই সন্দৰ্ভত জাৰি কৰা প্ৰেছ বাৰ্তাত লিখিছে যে-ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড বি চি চি আইয়ে টাটা আই পি এল ২০২৫ পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে।চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে সকলো গুৰুত্বপূৰ্ণ অংশীদাৰৰ সৈতে ব্যাপক আলোচনাৰ অন্তত বৰ্ডে ছিজনৰ বাকী অংশৰ সৈতে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছে।২০২৫ চনৰ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন ৬ টা স্থানত অনুষ্ঠিত হ’ব আৰু ২০২৫ চনৰ ৩ জুনত ফাইনেলত শিখৰত উপনীত হ’ব।নতুন সূচীত দুটা দেওবাৰে অনুষ্ঠিত হ’বলগীয়া দুখন ডাবল হেডাৰ অন্তৰ্ভক্ত কৰা হৈছে।ইয়াৰ লগতে প্লে অফ আৰু কোৱালিফায়াৰৰ সময় আৰু তাৰিখো সলনি কৰা হৈছে যদিও প্লে অফৰ স্থান পিছত ঘোষণা কৰা হ’ব বুলি কোৱা হৈছে।বি চি চি আইয়ে জনাই যে অহা ২৯ মে’ত প্ৰথমখন কুৱালিফায়াৰ মেচ অনুষ্ঠিত হ’ব আৰু ১ জুনত দ্ধিতীয়খন কুৱালিফাৰ মেচ অনুষ্ঠিত হ’ব।অহা ১৭ মে’ৰ সন্ধিয়া ৭:৩০ বজাত বেংগালুৰুত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব মেচ।উল্লেখযোগ্য যে আই পি এলৰ ২০২৫ ৰ বাকী থকা ১৭ খন মেচ দেশৰ ৬ খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।  

Leave a Reply

Your email address will not be published. Required fields are marked *