ভাল খবৰ, ৬০০০ৰ সলনি ৩৬০০০ টকা আহিব কৃষকৰ একাউন্টত

Share

ইউনুছ আলী ২৪ ছেপ্তম্বৰঃ যদি আপুনি কৃষক তেন্তে আপোনাৰ বাবে ভাল খবৰ। আপুনি লাভ কৰিব ৩৬০০০ টকাৰ সুবিধা। আচলতে মোদী চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ উদ্দেশ্যৰে কেইবাখনো আচঁনি (kissan scheme) আৰম্ভ কৰিছে। আমি কব বিচাৰিছো পি এম কিষাণ সন্মান নিধিৰ কথা। এই আঁচনি চৰকাৰৰ এনেকুৱা এখন আঁচনি যত কৃষকৰ একাউণ্টলৈ পোনে পোনে ধন প্ৰেৰণ কৰা হয়। প্ৰতিজন কৃষকৰ একাউণ্টত বছৰি ৬০০০ টকা ট্ৰান্সফাৰ হয়। চৰকাৰে এই ধন তিনিটা কিস্তিত প্ৰদান কৰে। অৰ্থাত  এটা কিস্তিত ২০০০ টকাকৈ প্ৰদান কৰে কৃষকক।

 যিসকল কৃষকে পি এম কিষাণ সন্মান নিধিৰ সুবিধা লাভ কৰিছে তেওঁলোকে বছৰি ৩৬০০০ টকাৰ সুবিধা লাভ কৰিব পাৰে। অৰ্থাত  আপুনি মাহত ২০০০ টকা পায় আৰু এই আঁচনিৰ জৰিয়তে আপুনি প্ৰতিমাহে ৩০০০ টকাকৈ পাব পাৰে।

Pm kissan man dhan yojna ৰ জৰিয়তে কৃষকক পেঞ্চন প্ৰদান কৰা হয়। এই আঁচনিৰ জৰিয়তে কৃষকৰ বয়সক ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত মাহিলি ৩০০০ টকা পেঞ্চন লাভ কৰিব। আৰু এই আঁচনিৰ সুবিধা লৈ কোনো ধৰণৰ নথি-পত্ৰৰ প্ৰয়োজন নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *