কোৱা হয় যে চিকিৎসক ভগৱানৰ দ্বিতীয়টো ৰূপ।বৰ্তমান ব্যাপক চৰ্চাত এগৰাকী চিকিৎসক আৰু এটি নৱজাতক শিশু। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ইশ্বৰৰূপী এগৰাকী চিকিৎসকৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টিত দেখিবলৈ পোৱা অনুসৰি ইশ্বৰৰূপী চিকিৎসকগৰাকী হৈছে ডা৹ সুৰেখা চৌধুৰী।
উত্তৰ প্রদেশৰ আগ্ৰাৰ কমিউনিটি হেল্থ চেন্টাৰত যেতিয়া অক্সিজেনৰ পৰা সহাঁৰি পোৱাত ব্যৰ্থ হৈছিল তেনে সময়তে চিকিৎগৰাকীয়ে নিজৰ উশাহেৰে নৱজাতক শিশুটিক এক নতুন জীৱন দান দিলে। চিকিৎসকগৰাকীয়ে প্রায় ৭ মিনিট ধৰি নিজৰ উশাহেৰে শিশুটিৰ মুখলৈ শ্বাস-প্রশ্বাস দি জীৱন ৰক্ষা কৰিলে এই নৱজাতক শিশুটিৰ। ৭ মিনিটৰ প্রচেষ্টাৰ ফলত অৱশেষত শিশুটিক প্রাণ ৰক্ষা কৰিবলৈ সক্ষম হ’ল চিকিৎসক সুৰেখা চৌধুৰীয়ে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’টি দেখি এনে মহান পদক্ষেপত অভিভূত হৈ চিকিৎসকগৰাকীলৈ বিভিন্নজনে জনালে চেল্যুট।