যুক্তা ৰাণী দাস
১৭ , আগষ্ট : মুকলি কৰা হ’ল গুৱাহাটী পৌৰ নিগমৰ এক Theme Song । জুবিন গাৰ্গ , দিকক্ষু , জুবলি , গীতালী , মন্টুমণিকে ধৰি আন কেইজনো শিল্পীয়ে কণ্ঠদান কৰিছে এই গীতটোত । পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মায়ে গুৱাহাটী স্বচ্ছ কৰি ৰখাৰ উদ্দেশ্যেৰে প্ৰস্তুত কৰা এই গীতটোত কণ্ঠদান কৰে । পৌৰ নিগম কতৃপক্ষই আশা প্ৰকাশ কৰে যে এই গীতটোৱে গুৱাহাটীখনক পৰিস্কাৰ কৰি ৰখাত সহায় কৰিব । এতিয়াৰ পৰা জাৱৰ উঠাবলৈ অহা গাড়ীয়ে আগতে যি সংকেত দিছিল তাৰ সলনি এই গীতটোহে জাৱৰ উঠাবলৈ আহিলে বাজিব ।
বিভিন্ন কণ্ঠশিল্পী আৰু গীতৰ অনুৰাগীৰ উপস্থিত মুকলি কৰা হয় এই গীতটো । পৌৰ নিগমে এই গীতটোৰ জৰিয়তে গুৱাহাটী মহানগৰীক নিকা আৰু জাকত জিলিকাই তুলাৰ এক প্ৰয়াস কৰিছে ।