বৰ্ণালী দাস
গুৱাহাটী,১১ এপ্রিলঃ দুগৰাকী বলিউড বিশেষ তাৰকা । ভাৰতীয় চলচ্চিত্রৰ সংগীত জগতৰ সুপ্রতিষ্ঠিত তথা জনপ্রিয় , আগশাৰীৰ দুগৰাকীকৈ নেপথ্য কন্ঠশিল্পী । সেই অন্যতম কন্ঠশিল্পী দুগৰাকী হৈছে অংগৰাগ পাপন মহন্ত আৰু শ্রেয়া ঘোষল । দুয়োগৰাকীয়ে সকলোৰে মাজত পৰিচিত । পিছে এটা সামান্য ভিডিঅ’ ক্লিপে সামাজিক মাধ্যমত এতিয়া সৰ্বত্রে চৰ্চিত হোৱাৰ লগতে ব্যাপক সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে । কিয়নো , মঞ্চনামে যাৰ পাপন , অসমৰ এগৰাকী ভাৰতীয় নেপথ্য গায়ক তথা সুৰকাৰ । যাক বহুসময়ত লোক- সংমিশ্রণৰ বেণ্ড বুলিও কোৱা হয় ।
অসমৰ এইগৰাকী জনপ্রিয় কন্ঠশিল্পীৰ সৈতে একেলগে এটি গীতত কন্ঠদান কৰিছে ভাৰতীয় চলচ্চিত্রৰ সংগীত জগতত সৰ্বাধিক উপাৰ্জন কৰা আৰু সুপ্রতিষ্ঠিত নেপথ্য গায়িকাসকলৰ ভিতৰত অন্যতম আৰু বহুসময়ত সুৰৰ ৰাণী হিচাপে আখ্যা পোৱা জনপ্রিয় গায়িকা শ্রেয়া ঘোষলে । বিহুৰ পূৰ্বেই শুভমুক্তি লাভ কৰিব এই গীতটিয়ে । শুভমুক্তিৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰা হৈছে গীতটি । একেটা গীতেই ক্রমে অসমীয়া, বড়ো আৰু তিৱা এই তিনিওটা ভাষাত গোৱা হৈছে বুলি ইতিমধ্যে সামাজিক মাধ্যমত প্রচাৰৰ যোগে সদৰী কৰিছে দুয়োগৰাকী বলিউড কন্ঠশিল্পীয়ে । যুৱপ্রজন্মৰ হাৰ্থথ্র’ব জুবিন গাৰ্গৰ সৈতে গোৱা ‘ৰামধেনু’ নামৰ গীতটিৰ পাছতে এইবাৰ বহু বছৰৰ পাছত অসমীয়া গীতত শুনিবলৈ পাব শ্রেয়া ঘোষলৰ কন্ঠ । পাপন-শ্রেয়া ঘোষলৰ এই নতুন গীতটি শুভমুক্তিৰ বাবে অনুৰাগীসকলৰ মাজত উৎকন্ঠা সৃষ্টি হোৱাৰ লগতে সামাজিক মাধ্যমত ভিন্ন প্রতিক্রিয়া আৰু ব্যাপক সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ।