ডিজিটেল ডেস্কঃ গোলাম নবী আজাদৰ পদত্যাগৰ পাছত প্ৰহসনলৈ পৰিৱৰ্তিত হৈছে জম্মু-কাশ্মীৰৰ কংগ্ৰেছ দলটো । ১০০ জনতকৈও অধিক নেতা আৰু কৰ্মীয়ে মঙলবাৰে পদত্যাগ কৰি গোলাম নবী আজাদৰ নতুন দলটিত যোগদান কৰাৰ প্ৰস্তুতি চলাই আছে । এই নেতা-কৰ্মীৰ দলটিত আছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তাৰা চান্দ আৰু তেখেতৰ বহু কেইজন দলীয় সহকৰ্মী ।
সোমবাৰেও, জম্মু-কাশ্মীৰ বিধান সভাৰ উপাধক্ষ্যৰ সৈতে, চাৰি কংগ্ৰেছী নেতাই পদত্যাগ কৰিছিল দলটিৰ পৰা ।উল্লেখ্য যে, প্ৰায় ৫টা দশকৰো অধিক কাল কংগ্ৰেছৰ সৈতে জড়িত হৈ থকাৰ পাছত শুকুৰবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল গোলাম নবী আজাদে । ইয়াৰ পাছতেই জম্মু-কাশ্মীৰৰ কংগ্ৰেছী দলত দেখিবলৈ পোৱা যায় পদত্যাগৰ লানি নিছিগা অৱস্থা । আনহাতে, গোলাম নবী আজাদে দাবী কৰা অনুসৰি ৰাজ্যখনৰ কংগ্ৰেছ দলটিৰ ৯৫ শতাংশ নেতা-কৰ্মীয়ে ইতিমধ্যেই পদত্যাগ পত্ৰ দাখিল কৰি তেখেতৰ নতুন দলটিত যোগদান কৰিছে ।