আনুষ্ঠানিকভাৱে এ পি চি চিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰ

Share

আজি গুৱাহাটীস্থিত ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে।অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যৱেক্ষন তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপৰিও কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে তেওঁ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।তাৰপিছতেই নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক ফুলাম গামোচা,ফুলৰ থোপা আদিৰে শুভেচ্ছা জ্ঞাপন কৰে ভূপেন বৰা,জীতেন্দ্ৰ সিঙকে ধৰি একাধিক কংগ্ৰেছ নেতাই।সমান্তৰালকৈ গৌৰৱ গগৈয়েও ভূপেন বৰাৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ,জীতেন্দ্ৰ সিং,অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন,কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ,ৰজলীনা তিৰ্কিকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা তথা নতুনকৈ দায়িত্ব প্ৰাপ্তক সম্বৰ্ধনা জনাই গৌৰৱ গগৈয়ে।এই অনুষ্ঠানতে কংগ্ৰেছ দলটোৰ বেয়া দিনতো দলটোক শক্তিশালীভাৱে নেতৃত্ব প্ৰদান কৰাৰ বাবে ভূপেন কুমাৰ বৰাক আনুষ্ঠানিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে সাংসদ ৰকিবুল হুছেইনৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।আনহাতে দায়িত্ব গ্ৰহণৰ পূৰ্বে গৌৰৱ গগৈয়ে আজি পুৱাই কেইবাজনো সতীৰ্থ,জ্যেষ্ঠ নেতা তথা অনুৰাগীৰ সৈতে কামাখ্যা দৰ্শন কৰি আশীৰ্বাদ গ্ৰহণ কৰিলে

Leave a Reply

Your email address will not be published. Required fields are marked *