পাঠশালা অধিৱেশনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীলৈ শ্ৰেষ্ঠ আলোচনীৰ স্বীকৃতি

Share

অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশনত শ্ৰেষ্ঠ বিশ্ববিদ্যালয় আলোচনী বঁটা লাভ কৰে জ্ঞানপ্ৰতিম দেৱশৰ্মাৰ সম্পাদনাত প্ৰকাশিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীৰ একসপ্ততিতম প্ৰকাশে। ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই অধিৱেশনত ২০২৩-২০২৫বৰ্ষটোত প্ৰকাশিত হোৱা অসমৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহৰ আলোচনীৰ মাজত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীক এই স্বীকৃতি প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি আলোচনীখনৰ লগত জড়িত প্ৰতিজনকে ধন্যবাদ জনাই সম্পাদক গৰাকীয়ে কয় যে এই স্বীকৃতিয়ে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্য চৰ্চাৰ পৰিৱেশ অধিক সাৰুৱা কৰি তুলিব। উল্লেখযোগ্য যে ২০২৪ বৰ্ষত প্ৰকাশিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীৰ একসপ্ততিতম প্ৰকাশৰ এক বৈশিষ্ট্য হৈছে আলোচনীখন প্ৰচ্ছদৰ পৰা শেষ পৃষ্ঠালৈকে সম্পূৰ্ণৰূপে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্ৰস্তুত এখন আলোচনী আৰু চাৰিশৰো অধিক পৃষ্ঠাৰ আলোচনীখনৰ প্ৰতিটো লেখা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে লিখা। গুৱাহাটীস্থিত মা মনসা প্ৰিন্টাৰ্চত মুদ্ৰিত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° বিভা ভৰালীৰ তত্বাৱধানত প্ৰকাশ পোৱা আলোচনীখন স্নাতকোত্তৰ ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত আৰু সৰ্বস্বত্ব সংৰক্ষিত। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই আলোচনীখনৰ লগত জড়িত প্ৰতিজনকে অভিনন্দন জনাই কয় যে, স্নাতকোত্তৰ মহলাৰ আলোচনীলৈ এই স্বীকৃতিয়ে বিশ্ববিদ্যালয়খনৰ সাহিত্যৰ লগতে সৃষ্টিশীল কাম-কাজৰ ক্ষেত্ৰখনক আৰু অধিক অনুপ্ৰাণিত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *