গুৱাহাটী বিশ্ববিদ্যালয় সাংস্কৃতিক কোষ আৰু স্নাতকোত্তৰ ছাত্ৰ একতা সভা ২০২০-২১ বৰ্ষৰ উদ্যোগত অহা ২৫ জুলাইৰ পৰা ৩১ জুলাইলৈকে এক অনলাইন নাট কৰ্মশালাৰ আয়োজন কৰা হৈছিল। বৰ্তমান কোভিড পৰিস্থিতিত সৃষ্টিশীল মনোভাৱ জাগ্ৰত কৰাৰ উদ্দেশ্যে আয়োজন কৰা নাট কৰ্মশালাখনত অভিনয়,সংলাপ প্ৰক্ষেপন,পৰিচালনা,পাণ্ডুলিপি আৰু মুকাভিনয়ৰ প্ৰশিক্ষন দিয়া হয়।
গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২০-২১ বৰ্ষৰ সাংস্কৃতিক সম্পাদক প্ৰীতম তহবিলদাৰে জানিবলৈ দিয়া মতে এই কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ক সামৰি ১৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । নাট কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল নতুন দিল্লীৰ পৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰডাকচন মেনেজাৰ পৰাগ শৰ্মা,কলকাতাৰ পৰা ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়ৰ স্নাতক চাউটি চক্ৰৱৰ্তী, ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়ৰ স্নাতক তথা অভিনেতা আৰু পৰিচালক জ্যোতিনাৰায়ন নাথ,সঙ্গীত নাটক অকাডেমি ওস্তাদ বিচমিল্লা খাঁ যুৱ বঁটা প্ৰাপক মুকাভিনয় শিল্পী কুলদ্বীপ পাটগিৰি,অভিনেতা পৰিচালক অসীম কৃষ্ণ বৰুৱা,ৰোনাল্ড হুছেইন আৰু নাট্যকাৰ তথা পৰিচালক হিল্লোল কুমাৰ পাঠক।
৭ দিনীয়া এই কৰ্মশালাৰ অন্তত ১আগষ্ট ২০২১ ইং তাৰিখে সকলোবিলাক অংশগ্ৰহনকাৰীক সামৰি এখন কৰ্মশালা সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ,প্ৰশিক্ষক অসীম কৃষ্ণ বৰুৱা,জ্যোতিনাৰায়ন নাথ,হিল্লোল কুমাৰ পাঠক, কুলদ্বীপ পাটগিৰীৰ লগতে সাংস্কৃতিক বিভাগ আৰু সহকাৰী সম্পাদিকা পদৰ তত্বাৱধায়ক ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক দেৱশীষ শইকীয়া আৰু নিত্যানন্দ ডেকা।লগতে উক্ত অনুষ্ঠানত উপস্থিত আছিল গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সভাপতি উল্লাহ উদীপ্ত বৰা ,সাধাৰণ সম্পাদক পাৰ্শ্ব পাটগিৰীকে আদি কৰি ছাত্ৰ একতা সভাৰ বহুকেইগৰাকী সদস্য।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সম্পাদক প্ৰীতম তহবিলদাৰ আৰু সহকাৰী সাধাৰণ সম্পাদক বৰষা শৰ্মাই জানিব দিয়া মতে উক্ত অনলাইন কৰ্মশালাত অফলাইন কৰ্মশালাৰ নিচিনাকৈ ছাত্ৰছাত্ৰী সকলে ঘৰত থাকি বিভিন্ন চুটি ছবি নিৰ্মাণ কৰি উলিয়াই কর্মশালাটো সফল ৰূপায়ন কৰাত সহায় কৰে আৰু অনলাইন ভাৱে হলেও পৰীক্ষা মূলক ভাবে কৰা এই প্ৰচেষ্টাই কৰ্মশালাটোক অফলাইন কৰ্মশালাৰ ৰূপ দিবলৈ সক্ষম হয় আৰু কৰ্মশালাৰ অন্তত সকলোবিলাক অংশগ্ৰহণকাৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।