গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় , যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰঞ্জন দৈমাৰীৰ

Share
২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনা গুৱাহাটীত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত মূল দোষী হিচাপে চিনাক্ত হৈছিল NDFB  ৰ নেতা ৰঞ্জন দৈমাৰী । ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত হোৱা ঘটনাৰ গোচৰৰ শুনানি আছিল আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত। সেই অনুসৰি শুনানিৰ পাছতে বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্রদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
ৰঞ্জন দৈমাৰীৰ লগতে মুঠ ১০ জন দোষীক শাস্তি প্রদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । পূৰ্বৰ শাস্তিৰ ৰায়দান বাহাল ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । আনহাতে, ইতিমধ্যে, ৪ জনক দোষমুক্ত ঘোষণা কৰিছে আদালতে। দোষমুক্ত হোৱাকেইজন হৈছে – লখৰা বসুমতাৰী, ইন্দ্র ব্রক্ষ্ম , জয়ন্তী ব্রক্ষ্ম আৰু অনচাই বড়ো। গুৱাহাটী উচ্চ  ন্যায়ালয়ে যাবজ্জীৱন কাৰাদণ্ড ৰায় প্রদান কৰা কেইজন হৈছে ক্রমে- ৰঞ্জন দৈমাৰী, ৰাজু সৰকাৰ , খৰ্গেশ্বৰ বসুমতাৰী, জজ বড়ো, ৰাজেন গয়াৰী , অজয়  বসুমতাৰী আৰু বৈশাগী বসুমতাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *