গুৱাহাটী,৭মাৰ্চঃ প্রতাৰণা কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছিল বলিউড খ্যাত মোহময়ী অভিনেত্রী সোণাক্ষী সিন্হাৰ বিৰুদ্ধে । আইনী মেৰপাকত যেন সোমাই পৰিছে অভিনেত্রীগৰাকী ।৩৭ লাখ টকা আদায় নিদি প্রতাৰণা কৰাৰ অভিযোগ উথাপিত হৈছিল অভিনেত্রীগৰাকীৰ বিৰুদ্ধে । যাৰ পৰিপ্রেক্ষিতত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি হৈছে শত্রুঘ্ন সিন্হা কন্যা সোণাক্ষী সিন্হা বিৰুদ্ধে । অভিযোগ অনুসৰি ,দিল্লীত এক অনুষ্ঠান কৰাৰ বাবে ৩৭ লাখ টকা গ্ৰহণ কৰিছিল অভিনেত্রীগৰাকীয়ে ।কিন্তু টকা গ্ৰহণ কৰি অনুষ্ঠানত যোগ নিদিলে মোহময়ী অভিনেত্রীগৰাকীয়ে ।যাৰ বাবে এই ধন বাৰে বাৰে উভতাই বিচৰা হৈছিল যদিও এই ক্ষেত্রত কোনো গুৰুত্ব প্রদান নকৰিলে অভিনেত্রীগৰাকীয়ে ।আৰু যাৰ বাবেই অনুষ্ঠানটিৰ প্রযোজক ,মোৰাদাবাদৰ বাসিন্দা প্রমোদ শৰ্মাই অভিনেত্রীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ ।
প্রযোজক প্রমোদ শৰ্মাই উল্লেখ কৰা অনুসৰি , ‘লুটেৰা ‘ ‘দাবাং’ আদিৰ দৰে জনপ্রিয় ছৱিত অভিনীত নায়িকাগৰাকীয়ে দিল্লীৰ মোৰাদাবাদত আয়োজিত অনুষ্ঠানটিত প্রধান অতিথি হিচাপে উপস্থিত থাকিব বুলি কথা দিছিলে ।তাৰ বাবে সোণাক্ষীয়ে লৈছিল আগতীয়াকৈ সম্পূৰ্ণ ধন ।কিন্তু অনুষ্ঠানৰ দিনাখন অভিনেত্রীগৰাকীৰ অনুপস্থিতিৰ বাবে আদায় লোৱা ধন ওভতাই বিচাৰিছিল যদিও অভিনেত্রীগৰাকীৰ মেনেজাৰে এই ধন উভতাই দিয়া নহ’ব বুলি কোৱাৰ পাছতে বলিউডৰ এই মোহময়ী অভিনেত্রীগৰাকীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ ।