আজি পবিত্ৰ গণেশ চতুৰ্থী, গণেশ চতুৰ্থীৰ উপলক্ষে দেশজুৰি গুঞ্জৰিত হৈছে গণেশ বন্দনা

Share
ডিজিটেল ডেস্কঃ আজি গনেশ চতুৰ্থী ! অসমৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰত নিশাৰে পৰাই পৰিলক্ষিত হয় অগনন ভক্তগণৰ লানি নিছিগা শাৰী । তাৰ উপৰিও আজিৰ দিনত বহুতৰ বাসগৃহত দেখা গ’ল গণেশৰ  ব্যক্তিগত বন্দনা | লামডিঙত যোৱাটো নিশাৰ পৰাই দেখা গ’ল উলহ-মালহৰ পৰিৱেশ । গণেশৰ প্ৰতিমাৰে উপচি পৰিল ৰাজ্যখন । অসমৰ হৃদপিণ্ডস্বৰূপ গুৱাহাটীও নহ’ল ইয়াৰ ব্যতিক্ৰম ।
গণেশগুৰি, লতাশিল খেলপথাৰৰ সমুখৰ আৰু নিউ গুৱাহাটীৰ গণেশ মন্দিৰ তিনিটিত ভগৱান গণেশৰ প্ৰিয় খাদ্যৰ সৈতে দেখা গ’ল অজস্ৰ লোকক । উল্লেখ্য যে, গনেশ চতুৰ্থী বুলি ক’লেই মনলৈ অহা মহাৰাষ্ট্ৰটো এইবাৰ চৰকাৰে ২০২০ চনৰ পাছত প্ৰথম বাৰলৈ বাতিল কৰিছে কভিডৰ নিষেধাজ্ঞাসমূহ যাৰ ফলত অতি আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *