Mintu Nath, Gauhati University
বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্যিক চৰকাৰৰ এক বৃহৎ সফলতা হ’ল তেওঁলোকৰ নিজস্ব এজেণ্ডাসমূহৰ জৰিয়তে তেওঁলোকে সাধাৰণ ৰাইজক মৌলিক প্ৰশ্নসমূহৰ পৰা সুনিপুণ ভাবে আঁতৰাই ৰাখিছে। বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে মানুহৰ মাজত ধৰ্মীয় মেৰুকণৰ ৰাজনীতি এনেদৰে বিয়পাই দিছে যে মানুহবোৰেও উন্নয়নৰ বিপৰীতে ধৰ্মীয় কথা-বতৰা, মন্দিৰ-মছজিদ আদিৰ কথাতেই সন্তুষ্ট হৈছে। এফালে অভাৱনীয় মূল্যবৃদ্ধি আৰু আনফালে নিত্ত নৈমত্তিক চৰকাৰৰ দ্বাৰা সৃষ্ট সস্তীয়া বিতৰ্ক- এই বিতৰ্কিত ইছ্যুসমূহৰ ঢৌত জনসাধাৰণৰ মূল ইছ্যুবোৰ কৰবাত হেৰাই গৈছে। এই ক্ষেত্ৰত বিশেষভাৱে সাৰ-পানী যোগাইছে ভাৰতবৰ্ষৰ বৈদ্যুতিক সংবাদ মাধ্যমে। মূল সমস্যাৰ পৰা ফালৰি কাটি অথবা চৰকাৰক প্ৰশ্ন কৰাৰ বিপৰীতে এতিয়া তেওঁলোকে অলাগতিয়াল কথা-বতৰাৰে ৰাইজক বাতৰিৰ সোৱাদ দিব ধৰিছে আৰু অশিক্ষিত সাধাৰণ ৰাইজেও সেইবোৰ বাতৰিতে পতিয়ন গৈছে।উদাহৰণস্বৰূপে বৰ্তমান সময়ত সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ যুক্তি হিচাপে ক’ভিডৰ বিনামূলীয়া টিকাকৰণত হোৱা খৰচৰ হিচাপ দেখুওৱা হয়,অথচ সামাজিক ন্যায় ব্যৱস্থাত কল্যাণকামী ৰাষ্ট্ৰ এখনে সমাজৰ প্ৰত্যেক স্তৰৰ নাগৰিকৰ স্বাস্থ্যৰ প্ৰতি দায়বদ্ধ তথা এয়া নাগৰিকৰ মৌলিক অধিকাৰ। কিন্তু অশিক্ষিত ৰাইজক এইবোৰ অবান্তৰ যুক্তিৰে পতিয়ন নিয়াই প্ৰতিবাদৰ পৰা বিৰত কৰি ৰখা হৈছে। পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱে জনসাধাৰণৰ স্বাভাৱিক জীৱন প্ৰণালীক জুৰুলা কৰি পেলাইছে, কিন্তু তাৰপিছতো ক’তো বিশেষ প্ৰতিবাদ হোৱা দেখা নাই। কৰোবাত হ’লেও তাক সংবাদ মাধ্যমে বহুলভাৱে প্ৰচাৰ কৰা নাই যাৰ বাবে প্ৰশ্নসমূহে ব্যাপকতা লাভ কৰাত ব্যৰ্থ হৈছে। ইয়াৰ লগতে বৰ্তমান শিক্ষিত মধ্যবিত্ত লোকসকল আতংকত ভুগিছে, প্ৰতিবাদ কৰিলেই জেলত যাব লগীয়া হ’ব পৰাৰ আশংকাত মানুহে মূল্যবৃদ্ধিয়ে কোঙা কৰাৰ পিছতো মানুহ মনে মনে আছে। লগতে সাম্প্ৰতিক সময়ত চৰকাৰী তন্ত্ৰটোৰ দ্বাৰা এক ধাৰণা প্ৰদান কৰা হৈছে যে প্ৰতিবাদ-আন্দোলন উন্নয়নৰ পৰিপন্থী। সাধাৰণ জনতাইও চৰকাৰৰ বাধ্য ছাত্ৰৰ দৰে এইবোৰ কথাত পতিয়ন গৈ মুখবোৰ বন্ধ কৰি ৰাখিছে। এনেদৰেই জনগণক ৰাজনৈতিকভাৱে অৰ্ধশিক্ষিত কৰি আৰু সংবাদ মাধ্যমৰ জৰিয়তে অহৰহ অৰ্ধসত্য বাতৰিৰ প্ৰচাৰৰ জৰিয়তে এই ৰাজনৈতিক অসচেতনতাৰ স্থিতাৱস্থাক বাহাল ৰাখি চৰকাৰে জনগণক মূল সমস্যাসমূহৰ পৰা আঁতৰাই ৰাখিছে।