গুৱাহাটী, ৭ জুলাইঃ দেশত ক’ভিডৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা ।দেশত পুনৰ নতুনকৈ ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।শেহতীয়াকৈ অসমতো বিগত ২৪ঘন্টাত বৃদ্ধি পাইছে ক’ভিডৰ আক্ৰান্তৰ সংখ্যা।বুধবাৰৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ১১.১৫ শতাংশ।লগতে কামৰূপ মহানগৰ জিলাত মুঠ ৭৪ জন লোক ক’ভিডত আক্রান্ত হৈছিল।
দেশত ক’ভিডৰ সংক্ৰমণ তীব্ৰ হৈ উঠাৰ ফলত বুধবাৰে কেন্দ্ৰীয় চৰকাৰে এক নতুন নিৰ্দেশনা জাৰি কৰিছে।এই নিৰ্দেশনাৰ ভিত্তিত ক’ভিডৰ দ্বিতীয় পালি ভেকচিন আৰু বুষ্টাৰ ড’জৰ মাজত ব্যাৱধান হ্ৰাস কৰা হৈছে।এই ব্যৱধান ৬ মাহলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ।পূৰ্বতে ইয়াৰ ব্যৱধান আছিল ৯ মাহ।