প্ৰসংগ : চৰকাৰৰ বিনামূলীয়া স্মাৰ্ট ফোন

Share

ড° নিৰ্মল ৰঞ্জন মজুমদাৰ,অৰুণোদয়, আমবাৰীহাটী, বৰপেটা

ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়ত নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত প্ৰায় ৮ লাখ শিক্ষাৰ্থীক অনলাইন শিক্ষাৰ ক্ষেত্ৰত থকা ডিজিটেল বৈষম্য ( Digital divide) আঁতৰ কৰাৰ স্বাৰ্থত বিনামূলীয়াকৈ স্মাৰ্ট ফোন যোগানৰ বাবে লোৱা সিদ্ধান্তৰ কথা অসম চৰকাৰৰ মাননীয় বিত্ত মন্ত্ৰীৰ চলিত বাজেট অধিবেশনৰ ভাষণত উল্লেখ কৰা হৈছে। সাম্প্ৰতিক ক’ভিডকালীন পৰিস্থিতিত ৰাজ্যৰ শিক্ষাখণ্ডত দেখা দিয়া অচলাৱস্থাৰ প্ৰেক্ষাপটত এনে‌এখন আঁচনিৰ ঘোষণা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। অৱশ্যে ইয়াৰ লগত দ্বাদশ বৰ্ষৰ শিক্ষাৰ্থীসকলকো সামৰি লোৱা দৰকাৰ আছিল। চৰকাৰৰ সদ্যঘোষিত এই সিদ্ধান্তৰ লগত সংগতি থকা তথা প্ৰাসংগিক বুলি অনুভৱ কৰা কেইমান দিশ ব্যক্ত কৰিব বিচাৰিছোঁ।

১) চৰকাৰে যোগান ধৰিবলগীয়া মোবাইল ফোনসমূহত কিছুমান নিৰ্বাচিত শৈক্ষিক এপ (app) আৰু বিশেষকৈ আঞ্চলিক ভাষাৰ শৈক্ষিক সমল আগতীয়াকৈ ভৰাই ( pre-installed) থব লাগে। এনে ব্যৱস্থাই ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন অঞ্চলৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত কিছু হ’লেও সহায়ক হ’ব পাৰে।
২) এই ফোনসমূহ যাতে কোনো শিক্ষাৰ্থীয়ে কোনো কাৰণতে বিক্ৰী কৰিব নোৱাৰে তথা কোনো অসামাজিক কামত ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে প্ৰতিজন শিক্ষাৰ্থীৰ নামত প্ৰতিটো ফোনৰ বিশেষ পঞ্জীয়নৰ ব্যৱস্থা কৰিব লাগে। কাৰণ পূৰ্বতে অসম চৰকাৰে বঁটা হিচাপে দিয়া লেপটপ বিক্ৰীৰ ঘটনা ঘটা বুলিও শুনা যায়।

৩) এই আঁচনিৰ যোগেদি‌ দিবলগীয়া প্ৰতিটো মোবাইল ফোনৰ লগত একোখন BSNL ৰ চিমকাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ ফলত চৰকাৰীখণ্ডৰ উক্ত প্ৰতিষ্ঠানটোৱে অতি কম সময়তে অতিৰিক্ত ৮ লাখ গ্ৰাহক লাভ কৰিব। ইয়াৰ দ্বাৰা প্ৰতিষ্ঠানটো আৰ্থিকভাৱে নিশ্চয় কিছু হ’লেও লাভবান হ’ব পাৰিব।
৪) অনলাইন পাঠদানৰ বাবে ইণ্টাৰনেট সেৱা ক্ষিপ্ৰ হোৱাটো অতি প্ৰয়োজনীয় দিশ। কিন্তু আমাৰ ৰাজ্যখনৰ বহু অঞ্চলত আশানুৰূপ ইণ্টাৰনেট সেৱা উপলব্ধ নহয় বুলিবই পাৰি। চৰকাৰে এই দিশটোলৈও চকু দিয়া দৰকাৰ।
৫) অনলাইন শ্ৰেণীত উপস্থিত থকাৰ বাবে সাধাৰণতে নূন্যতম দৈনিক ১/২ জিবি ডাটাৰ প্ৰয়োজন, যাৰ বাবে অতি কমেও মাহিলী ৩০০ টকাকৈ দৰকাৰ।‌ চৰকাৰে শিক্ষাৰ্থীক বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিনামূলীয়াকৈ ইণ্টাৰনেট সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত ল’ব পাৰে।
৬) ইয়াৰোপৰি, এই স্মাৰ্ট ফোনসমূহ 5G সেৱাৰ সুবিধা থকা হ’লে বেছি সুবিধাজনক হ’ব। অন্যথা অনাগত দিনত 5G ইণ্টাৰনেট সেৱা আৰম্ভ হোৱাৰ লগে লগে উক্ত সেৱাৰ সুবিধা হয়তো 4G মোবাইলত উপলব্ধ নহ’ব আৰু এই ফোনসমূহো অব্যৱহাৰযোগ্য হৈ পৰিব পাৰে।
আশাকৰোঁ, চৰকাৰে শিক্ষাৰ্থীলৈ স্মাৰ্ট ফোন আগবঢ়োৱাৰ বাবে লোৱা আঁচনি কাৰ্য্যকৰী কৰাৰ সময়ত উপৰিউক্ত দিশসমূহো বিবেচনা কৰিব।‌

Leave a Reply

Your email address will not be published. Required fields are marked *