চাৰিজন অসমৰ সন্তানৰ বেংগালুৰুত ৰহস্যজনক মৃত্য়ু

Share

বেংগালুৰুত অসমৰ চাৰিজন যুৱকৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ। কৰ্মসূত্ৰে বেংগালুৰুত আছিল যুৱক কেইজন। কিন্তু হঠাৎ একেটা কোঠাতে একেলগে  যুৱককেইজনৰ মৃত্যুৱে সৃষ্টি কৰিছে গভীৰ ৰহস্যৰ। তথ্য অনুসৰি মৃত যুৱক কেইজনৰ নাম ক্ৰমে নৰেন্দ্ৰ টাইদ , ধনঞ্জয় টাইদ , ডাক্তৰ টাইদ  আৰু জয়ন্ত চিন্তে । ইয়াৰে নৰেন্দ্ৰ টাইদ, ধনঞ্জয় টাইদ আৰু ডাক্তৰ টাইদৰ ঘৰ নামনি বর্ষামুখত। আনজন যুৱক নাওবৈচা শালমাৰা গাঁৱৰ জয়ন্ত চিন্তে। প্ৰাপ্ত তথ্য অনুসৰি, এই যুৱককেইজনে বেংগালুৰুত এটা কোম্পানীৰ গুদামত শ্রমিক হিচাপে কৰ্মৰত আছিল।  শুকুৰবাৰে কাম শেষ কৰি নিশা তেওঁলোকে কোঠাত শুই পৰিছিল, কিন্তু শনিবাৰে পুৱা কোঠাটোৰ ভিতৰত চাৰিওজনকে মৃত অবস্থাত উদ্ধাৰ কৰা হয়। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। বেংগালুৰু গ্রাম্য জিলা আৰক্ষী অধীক্ষক চন্দ্ৰকান্তেও স্থান পৰিদৰ্শন কৰিছে। যুৱককেইজনৰ মৃত্যুৰ সঠিক কাৰণ বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। 

আৰ্থিক অনাতনত ভুগি নিজ পৰিয়ালক পোহপাল দিয়াৰ স্বাৰ্থত ৰাজ্যৰ বাহিৰলৈ গৈছিল যুৱক কেইজন। আৰু বেংগালুৰুত কামৰ সন্ধান লাভ কৰিছিল তেঁওলোকে। কিন্তু ৰহস্যজনকভাৱে হঠাৎ চাৰিওজন যুৱকৰ মৃত্যুৰ খবৰে মানসিকভাবে    দুৰ্বল কৰি তুলিছে তেওঁলোকৰ পৰিয়ালৰ অন্য সদস্যসকলক। যুৱককেইজনৰ সৈতে ভাৰাঘৰৰ একেটা কোঠাত বাস কৰিছিল মাজুলীৰ অজয় টায়ে নামৰ আন এজন যুৱকো। চাৰিজন যুৱকে কর্ম সম্পাদন কৰি আহিছিল ভাৰাঘৰলৈ। আনজন যুৱক ওলাই গৈছিল কামলৈ। পুৱা কাম শেষ কৰি উভতি আহি অজয় টায়ে নামৰ যুৱকজনে দেখিলে কোঠাৰ ভিতৰতে পৰি আছিল চাৰিজনকৈ যুৱকৰ মৃতদেহ। কোনোবাটো মৃতদেহ মজিয়াত পাৰি থোৱা তুলিৰ ওপৰত। কোনোবাটো মৃতদেহ আন এটা মৃতদেহৰ ওপৰত। কি পৰিস্থিতিত অসমৰ ৪জনকৈ যুৱকে বহিঃৰাজ্যৰ এটা বন্ধ কোঠাতে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল তাক লৈ এতিয়া সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু ঘটনাৰ সন্দৰ্ভত এক বিতং তদন্ত অব্যাহত ৰাখিছে ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই  বেংগালুৰুৰ ভাৰাঘৰৰ বন্ধ কোঠাত অসমৰ ৪জন যুৱকৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাৰ তদন্তৰ নির্দেশ দিছে আৰক্ষীক।

এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি “পুৱাই এটা বহুত দুখৰ খবৰ পাইছোঁ। মই ইতিমধ্যে আৰক্ষীক নির্দেশ দিছোঁ-বেংগালুৰুৰ আৰক্ষী আয়ুক্তৰ লগত কথা পাতিব লাগে। ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃতদেহকেইটা সন্মানসহকাৰে অসমলৈ ওভতাই অনাৰ বাবেও নিৰ্দেশনা প্ৰদান কৰা হৈছে৷ এই বিষয়ত মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিম।“  পৰৱৰ্তি সময়ত ঘতনাৰ প্ৰকৃত সত্য কিদৰে ফাদিল হয়, সেইয়া সময়ত হ’ব লক্ষ্যণীয়

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *