ফটোৱে কথা কয় ফটোৱে ধৰি ৰাখে সময়ঃ আজি বিশ্বৰ ফটোগ্ৰাফী দিৱস

Share

আজি বিশ্বৰ ফটোগ্ৰাফী দিৱস । ১৮৩৭ চনত পোন প্ৰথমে ফ্ৰান্সত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন কৰা আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে সমগ্ৰ বিশ্বই ১৯ আগষ্টত বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে পালন কৰা হয়। প্ৰতিবছৰৰ দৰে এইবাৰ ফটোগ্ৰাফী দিৱসৰ বাবে ‘ লেণ্ডস্কেপ’ থিম নিৰ্ধাৰণ কৰা হৈছে।

প্ৰতিটো মুহূৰ্ত ফটোগ্ৰাফীৰ জৰিয়তে আমি স্মৰণীয় কৰি ৰাখিব পাৰো। সাধাৰণতে ফটো সকলোৰে বাবে জীৱনৰ এক বিশেষ কাৰণ কিয়নো ইয়াৰ দ্বাৰা প্ৰত্যেক গৰাকী ব্যক্তিৰ জীৱনৰ সৈতে জড়িত হৈ থকা অতীতৰ মুহূৰ্তবোৰ পুনৰ জীয়াৰ সুযোগ লাভ কৰা হয়। কিন্তু পৃথিৱীৰ ইতিহাসত ফটোৰ গুৰুত্বও বুজিব লাগিব। কাৰণ ইতিহাস পৃষ্ঠাত যি লিপিৱদ্ধ কৰা হৈছে সেয়া কেৱল ফটোগ্ৰাফীৰ জৰিয়তেহে জনা যায়। 

যিদৰে এটা কবিতাত কবিগৰাকীৰ ভংগিমা প্ৰকাশ ঠিক তেনেদৰে এখন ফটোত ফটোগ্ৰাফাৰ জনৰ আৱেগ অনুভূতি বা ভংগিমা প্ৰকাশ পায়। ফটোগ্ৰাফী বিভিন্ন ধৰণৰ আছে, তাৰ ভিতৰত ৱাইল্ড লাইফ ফটোগ্ৰাফী অন্যতম।

Leave a Reply

Your email address will not be published. Required fields are marked *