মণিপুৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গোবিনদাস কৌণ্ঠজামৰ কংগ্ৰেছ ত্যাগ,বিজেপিত যোগদান

Share

বনিতা বড়ো

ইম্ফল,২ আগষ্ট :  মণিপুৰৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি গোবিনদাস কৌণ্ঠজামে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং,ৰাজ্যসভাৰ সাংসদ অনিল বালুনী আৰু দলৰ কেন্দ্ৰীয় নেতা সম্বিত পাত্ৰাৰ উপস্থিতিত তেওঁ শাসকীয় দলটোত যোগদান কৰে। বিজেপিত যোগদান কৰা কণ্ঠৌজামে ৰাজ্যখনৰ বিষ্ণুপুৰ সমষ্টিৰ পৰা একেৰাহে ছবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। কণ্ঠৌজামৰ এই যোগদানে অহা বছৰ অনুষ্ঠিত হব লগা ৰাজ্যিক নিৰ্বাচনে বিজেপিক যথেষ্ট লাভাম্বিত কৰিব বুলি ধাৰণা কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *