তেলেংগানাৰ শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীৰূপে শুকুৰবাৰে শপত গ্ৰহন কৰে একালৰ ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ, ধাৰাভাষ্যকাৰ মহম্মদ আজাহাৰুদ্দিনে। এতিয়াৰ পৰা আজাহৰুদ্দিন মন্ত্ৰী হল। তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ ওলোৱাত তেলেংগানাৰ ৰাজনীতিত তুমূল চৰ্চা লাভ কৰিছে ৷
তেলেংগানা প্ৰদেশ বিজেপিয়ে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ ইতিমধ্যে এক পত্ৰ প্ৰেৰণ কৰি কোনো কাৰণতে যাতে আজহাৰুদ্দিনক মন্ত্ৰীসভাত অন্তভুৰ্ক্ত কৰাৰ অনুমতি নিদিবলৈ আহ্বান জনাইছিল ৷ কিন্তু ৰাজনীতিৰ পথাৰতো পূৰ্বৰ মেচ ফিস্কিঙৰ ঘটনাইও কিন্তু লগ এৰা নাই আজাহাৰক।
ইয়াৰ বিপৰীতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰা সেউজ সংকেত লাভ কৰাৰ পাছত ৰাজ্যখনৰ শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰে শুকুৰবাৰে দুপৰীয়া ১২.১৫ বজাত ৰাজভৱনত আজহাৰুদ্দিনৰ শপতগ্ৰহণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছিল ৷তেনেক্ষেত্ৰত এতিয়া উপ-নিৰ্বাচনৰ ঠিক আগে আগে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে আজহাৰুদ্দিনক তেওঁৰ কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ লগে লগে আগন্তুক উপ-নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব আৰু কংগ্ৰেছৰ স্থিতি নিশ্চিতভাৱে শক্তিশালী হ’ব ৷ যাৰ বাবে ইয়াৰ ঘোৰ বিৰোধ কৰিছে বিজেপিয়ে।