অসমৰ ৯ গৰাকী ক্ৰীড়াবিদলৈ আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান ।

Share

 

সাফল্যৰ ধ্বজা উৰুৱাই অসমভৃূমিৰ মান উজ্বলোৱা অসমৰ ক্ৰীড়া বিদলৈ স্বীকৃতি।জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত সম্বৰ্ধনা আৰু নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া পদক প্ৰাপক অসমৰ ৯ গৰাকী ক্ৰীড়া বিদক আনুষ্ঠানিক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। দেওবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰী সভাকক্ষৰ ভূমি মহলাত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ৰঙিলা দৈমাৰী ,অনন্যা শইকীয়া দীপাংকৰ শৰ্মা, বন্দিতা হাজৰিকা, আদিনিতা কাকতি, আনন্দ কুমাৰ নাৰ্জাৰী ,অংকুশিতা বড়ো, চনমা ব্ৰক্ষ্ম, বিক্ৰম চাংমাইক নিযুক্তি পত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

আনহাতে ২০২৩ বৰ্ষত মাউন্ট কাঞ্চনজংঘা আৰোহণকাৰী দলটোক সম্বৰ্ধনা জনায়  মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই।কাঞ্চনজংঘা শিখৰব বিজয়ী ভাস্কৰ বৰুৱা, জয়ন্ত নাথক প্ৰদান কৰা হয় আৰ্থিক সাহাৰ্য।এই অনুষ্ঠানত লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া হিমা দাসো উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোচা ,পৰিমল শুক্লবদ্য,উৰ্খাউ  গৌড়া ব্ৰক্ষ। 

Leave a Reply

Your email address will not be published. Required fields are marked *