গুৱাহাটীৰ আকাশমাৰ্গত পোন প্ৰথমবাৰ প্ৰদৰ্শিত হ’ল বায়ুসেনাৰ নান্দনিক দৃশ্য

Share

ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ উদ্যোগত ৯নবেম্বৰ তাৰিখে ৯৩বছৰীয়া জয়ন্তী উপলক্ষে প্ৰথমবাৰৰ বাবে পূৰ্ণাংগ বিমান প্ৰদৰ্শনৰ আয়োজন কৰা হয়।ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ লাচিত ঘাটত আই এ এফে ২৫টাকৈও অধিক ফৰ্মেচনত ৭৫খনতকৈ অধিক বিমান আৰু হেলিকপ্তাৰ প্ৰদৰ্শন কৰে।এই অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযৰ লগতে বায়ুসেনা বাহিনীৰ শীৰ্ষ বিষয়াসকল।

লাচিত ঘাট,ব্ৰহ্মপুত্ৰ পাৰৰ লগতে মহানগৰীৰৰ ৰাজপথ,অট্টালিকাৰ ওপৰৰ পৰাও এই বিশেষ দৃশ্য উপভোগ কৰিলে হাজাৰ হাজাৰ দৰ্শকে।ইণ্ডিয়ান এয়াৰ ফৰ্ছৰ অফিচিয়েল ফেচবুক পেজৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰিত হ’ল এয়াৰ শ্ব’।ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানৰ কলা-কৌশলীয়ে শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে আকৰ্ষণ কৰিলে। এম.আই.১৭,তেজছ,এপাচে হেলিকপ্টাৰ,ছুখয়,মিৰাজ,জাগুৱাৰ,ৰাফেল আদি বিমানে প্ৰদৰ্শন কৰে বিভিন্ন উৰণশৈলী।তেজছ যুদ্ধ বিমানে বীৰ লাচিতলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰদৰ্শন কৰে লাচিক শীৰ্ষক শৈলী।আনহাতে এম.আই ১৭ প্ৰদৰ্শন কৰে ধ্বজা,একেদৰে এপাচেই প্ৰদৰ্শন কৰে ৰাইন’,ডি অ’ ২২৮য়ে চানৰাইজ,চি-২৯৫য়ে মানাহ,মিৰাজে কাজিৰঙা,জাগুৱাৰে হিমালয়,হাৰ্ভাৰ্ডে ঈগল,হকে কাঞ্চনজংঘা আৰু স্কেট তথা ৰাফেলে বিভিন্ন শৈলীৰ হাতী প্ৰদৰ্শন কৰে।

এয়াৰ শ্ব’ চাবলৈ অহা মানুহৰ বাবে গুৱাহাটীত তীব্ৰ যান-জঁটৰ সমস্যায়ে দেখা দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *