অষ্টম বাৰৰ বাবে ফুটবল খেলুৱৈ লিয়নেল মেচিয়ে পালে বেলন ডি অৰ বঁটা

Share
পুৰস্কাৰ লাভ কৰা প্ৰথমজন এম এল এছ ভিত্তিক খেলুৱৈ হিচাপে পৰিলক্ষিত হৈছে ৩৬ বছৰীয়া লিয়নেল মিচি। বিশ্ব ফুটবলৰ অন্যতম খেলুৱৈ লিয়নেল মেচিয়ে অষ্টম বাৰৰ বাবে লাভ কৰিলে বেলন ডি অৰ বঁটা। মানচেণ্টাৰ ইউনাইটেডৰ প্ৰাক্তন খেলৱৈ ডেভিদ বেকহামে পুৰস্কাৰ  বিজয়ী মেচিক এই বঁটা প্ৰদান কৰে। সোমবাৰে এই বঁটা লাভ কৰি লিয়নেল মেছি  অষ্টম বাৰৰ বাবে বেলন ডি বঁটা লাভ কৰা প্ৰথমজন খেলৱৈ ৰূপে পৰিগণিত হয়। পোন প্ৰথমবাৰৰ বাবে ২০০৯ চনত মেচিয়ে এই বঁটা লাভ কৰিছিল। তাৰ পিছত ২০১০,২০১২,২০১৫ ,২০১৯ আৰু ২০২১ চনত মেচিয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।২০২২_২৩ চনত চিটিয়ে ট্ৰেবল জয় কৰাৰ সময়ত ৫২ টা  স’ল দিয়া হালেণ্ডে ভোটদানত দ্বিতীয় স্থান দখল কৰি বছৰৰ শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰক দিয়া গেৰ্ড মুলাৰ‌ ট্ৰফী লাভ কৰে। ক্ৰিষ্টিয়ানো‌ ৰোনাল্তোৱে  ৫বাৰ এই বঁটা লাভ কৰাৰ বিপৰীতে মিচেল প্লেটিনি,জোহান ক্ৰুইফ আৰু মৰ্কো ভানবাষ্টেন‌ আটাইকেইজনে ৩বাৰকৈ এই বঁটা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *