বিপদ সীমাৰ ওপৰেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।অৰুণাচলত আৰু উজনি অসমত হোৱা মুষলধাৰ বৰষুণৰ ফলত কাল ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ বানে।
গুৱাহাটীতো লুইতৰ জলস্তৰ বৃদ্ধি।বিপদসীমাৰ ওপৰেৰে বৈছে পানী।যিকোনো মূহূৰ্তত ফাঁচী বজাৰত সোমাব পাৰে পানী।লুইতত ডুব গৈছে ভগৱান বিষ্ণু-লক্ষ্মীৰ মূৰ্তি।ইয়াৰওপৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত ডিব্ৰুগড়ৰ খোৱাঙত ছিগিল তিনিটাকৈ ৰিংবান্ধ।
ফলত কেইবাখনো গাঁও প্লাবিত হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত।আনহাতে বছৰৰ তৃতীয়টো বানৰ কবলত কামপুৰৰ বিভিন্ন অঞ্চল। লগতে মাজুলী,কাজিৰঙা,হাইলাকান্দি,ছিপাঝাৰ,ওৰাং ৰাষ্ট্ৰীয় উদ্যান,তিনিচুকায়া,কলিয়াবৰ,মঙলদৈ,নুমলীগড়,গহপুৰৰ কেবা ঠাইটো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ভাগিল মথাউৰি।ফলত প্লাবিত হৈছে বহু কেইখন গাঁও।হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত।