প্ৰথম অসমীয়া মহিলা বিমান পাইলট ধীৰা হাজৰিকা চলিহাক আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত সন্মানীয় বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান কৰা হয়। টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত টাই আহোম মহিলা পৰিষদ আৰু চৰাইদেউ জিলাবাসীৰ সহযোগত ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত একাদশ বাৰ্ষিক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানৰ মুকলিসভাত সন্মানীয় বঁটাটি ধীৰা হাজৰিকা চলিহাক প্ৰদান কৰা হয়। উল্লেখ্য যে বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদানৰ প্ৰাকমুহূৰ্তত বঁটাপ্ৰাপক ধীৰা হাজৰিকা চলিহাক টাই আহোম ৰমণীৰ যুদ্ধৰ সাজ-পোছাক, চাপকন, চেলেং চাদৰ আদি পিন্ধাই দিয়াৰ লগতে হাতত এখন হেংদাং তুলি দিয়া হয়। টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে বীৰাংগনা মূলাগাভৰু বঁটাটি প্ৰদান কৰে। বীৰাংগনা মূলাগাভৰু বঁটাপ্ৰাপক ধীৰা হাজৰিকা চলিহাক প্ৰদান কৰা সন্মানীয় বঁটাটিত আছে এটি স্মাৰক সম্বৰ্ধনাপএ লগতে নগদ এিশ হেজাৰ টকা। উল্লেখযোগ্য যে একাদশ বাৰ্ষিক বীৰাংগনা মূলাগাভৰু বঁটা গ্ৰহন কৰি বঁটাপ্ৰাপক ধীৰা হাজৰিকা চলিহাই সংবাদ মাধ্যমৰ আগত বীৰাংগনা মূলাগাভৰু বঁটা গ্ৰহণ কৰি ধন্য হোৱা বুলি কয়। তেতিয়াৰ অসমীয়া সমাজখনত বিমান পাইলটৰ দৰে বৃত্তিত সাধাৰন মহিলায়ে যোগদান কৰা নাছিল বুলি উনুকিয়াই ধীৰা হাজৰিকা চলিহাই কয়- মোৰ পিতৃৰ উৎসাহ, অনুপ্ৰেৰণা আৰু দূৰদৰ্শী চিন্তাই বিমান পাইলট হোৱাৰ ক্ষেএত বিশেষ ভূমিকা আছিল। আৰু লগতে কয় যে অসমৰ ছোৱালী বহুখিনি আগবাঢি গৈছে আৰু সেই অনুসাৰে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। অমসৰ ছোৱালীয়ে বিমান চলোৱাতো বাদেই এদিন মহাকাশত পৰিভ্ৰমী অসমীয়া গামোচাখন উৰুৱাবলৈও সক্ষম হব। উল্লেখ্যযোগ্য যে মুকলি সভাতেই বীৰাংগনা স্মৃতি দিৱস উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্হ ব্লক-ছেন-মৌং উন্মোচন কৰে সাহিত্যিক পেন্সনাৰ সুলেখিকা ৰতিপ্ৰভা গগৈয়ে।