গুৱাহাটী, ৮ জুলাইঃ পশ্চিম জাপানৰ নাহা নামৰ চহৰখনত অনুস্থিত হোৱা এখন বিশেষ সভাত ভাষণ দি থকা অৱস্থাত আবলৈ লক্ষ্য কৰি গুলি চলাই দুৰ্বৃত্তই।
বুকুত গুলী লগা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ঘটনাস্থলীত ঢলি পৰে আৰু লগে লগে হস্পাতালত ভৰ্তি কৰা হয় ।
জাপানৰ NHK ৱল্ড নিউজে সদৰি কৰা অনুসৰি ঘটনাস্থলীতে নিৰপত্তাৰক্ষীয়ে আক্ৰমণকাৰীক কৰায়ত্ত কৰে।বৰ্তমান প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্য যথেষ্ট চিন্তনীয় বুলিও সদৰি কৰিছে স্থানীয় সংবাদমাধ্যমে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষন দি থকা অৱস্থাত দুটাকৈ বিস্ফোৰনৰ শব্দও শুনা গৈছিল বুলি স্থানীয় ৰাইজে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে।
বৰ্তমান গুলিচালনা কৰা লোকজনক আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে যদিও গুলীচালনাৰ কাৰনৰ সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে। উল্লেখ্য যে ,স্বাস্থ্য কিছু বেয়া হোৱাৰ বাবেই ২০২০ৰ আগষ্টত জাপানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল শ্বিনজো আবেই