আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিছে। বাজেট উত্থাপনৰ আগত বিত্ত মন্ত্ৰীগৰাকীৰ লগতে বিত্ত মন্ত্ৰণালয়ৰ বিষয়াসকলে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে । বাজেট উত্থাপনৰ পাছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অনুমোদন জনাইছে।
উল্লেখ্যযোগ্য যে একেৰাহে পঞ্চমবাৰৰ বাবে সংসদত বাজেট উত্থাপন কৰিছে নিৰ্মলা সীতাৰমণে ।২০২৪ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া কেন্দ্ৰীয় চৰকাৰৰ অন্তিম পূৰ্ণ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি উত্থাপন কৰা কেন্দ্ৰীয় পূৰ্ণাংগ বাজেটখনক আগন্তক ২৫ বছৰৰ বিকাশৰ এক ব্লুপ্ৰিন্ট বুলি উল্লেখ কৰিছে। তেওঁ নিজ ভাষণত কৈছে যে, ভাৰতীয় অৰ্থব্যৱস্থা সঠিক পথত আছে, আৰু উজ্জ্বল ভৱিষ্যতৰ দিশত আগবাঢ়ি আছে। লগতে তেখেতে উল্লেখ কৰিলে যে চৰকাৰে ক’ৰোনা মহামাৰীৰ সময়ত ২৮ মাহৰ বাবে ৮০ কোটিৰো অধিক লোকক বিনামূলীয়া খাদ্য সম্ভাৰ যোগান ধৰাৰ পৰিকল্পনাৰ সৈতে যাতে কোনেও ভোকত শুব লগা নহয় সেয়া নিশ্চিত কৰিছিল। তদুপৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে বিশ্বব্যাপী প্ৰত্যাহ্বানৰ এই সময়ত ভাৰতৰ G20 প্ৰেচিডেন্সিয়ে দেশক বিশ্ব অৰ্থনৈতিক ব্যৱস্থাত ভাৰতৰ ভূমিকা শক্তিশালী কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে। ২০১৪ চনৰ পৰা চৰকাৰৰ প্ৰচেষ্টাই সকলো নাগৰিকৰ বাবে উন্নত মানদণ্ডৰ আৰু মৰ্যাদাৰ জীৱন নিশ্চিত কৰিছে। প্ৰতিজন ব্যক্তিৰ উপাৰ্জন দুগুণতকৈও অধিক হৈ ১.৯৭ লাখ টকালৈ বৃদ্ধি পাইছে। এই ৯ বছৰত, ভাৰতীয় অৰ্থনীতিৰ আকাৰ বিশ্বৰ দশমৰ পৰা পঞ্চম বৃহত্তম অৰ্থনীতিলৈ বৃদ্ধি হৈছে।
লগতে বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে পশুপালন, দুগ্ধ জাত আৰু মীন পালনৰ ওপৰত গুৰুত্ব দি কৃষি ঋণৰ লক্ষ্য ২০ লাখ কোটি টকালৈ বৃদ্ধি কৰা হ’ব। ভাৰতীয় বাজৰা গৱেষণা প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে সমৰ্থন কৰা হ’ব। ২০১৪ চনৰ পিছত স্থাপিত বৰ্তমানৰ ১৫৭ খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত ১৫৭ খন নতুন নাৰ্চিং মহাবিদ্যালয় স্থাপন কৰা হ’ব। বিশেষকৈ, জনজাতীয় গোটবোৰৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ বাবে পিএমপিবিটিজি উন্নয়ন মিছন আৰম্ভ কৰা হ’ব যাতে পিবিটিজি বসতিসমূহ মৌলিক সুবিধাৰে সজ্জিত কৰিব পৰা যায়।