অৱশেষত সকলো-জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন। ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন।বিহুৰ পিছতেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ৰাজ্যিক আয়োগে বুধবাৰে ঘোষণা কৰে এই অধিসূচনা।অসমত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোট। প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ’ব নিৰ্বাচন।সমান্তৰালভাৱে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব নামনি অসমত। উজনি অসম বৰাক উপত্যকাক ২মে’ ত আৰু নামনি অসমত ৭মে’ ত পঞ্চায়ত নিৰ্বাচনৰ ভোটদান অনুষ্ঠিত হৱ লগতে ১১ মে’ত অনুষ্ঠিত হ’ব ভোট গণনা।
২মে’ততিনিচুকীয়া,ডিব্ৰুগড়,চৰাইদেউ,শিৱসাগৰ,মাজুলী,যোৰহাট,গোলাঘাট,ধেমাজী,লক্ষীমপুৰ,শোণিতপু,বিশ্বনাথ,কাছাৰ,হাইলাকান্দি,শ্ৰীভূমিত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ৭ মে’ ত ধুবুৰী, দক্ষিণ শালমাৰা,মানকাছাৰ,গোৱালপাৰা,বঙাইগাওঁ,বৰপেটা,বজালী,নলবাৰী কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ,মৰিগাওঁ,দৰং দিলাত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
এইবাৰ পঞ্চায়ত নিৰ্বাচনত ১,৮০,৩৬,৬৮২ গৰাকী ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব।ইয়াৰে ৯০,৭১,২৬৪ গৰাকী পুৰুষ ৮৯,৬৫,০১০ গৰাকী মহিলা আৰু ৪০৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। উল্লেখযোগ্য যে ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰৰ তুলনাত ১৩.২৭ শতাংশ ভোটাৰ বৃদ্ধি পাইছে।
এইবাৰ পঞ্চায়ত নিৰ্বাচন বেলটযোগে অনুষ্ঠিত হ’ব।কিয়নো পঞ্চায়ত নিৰ্বাচনৰ বাবে পৰ্যাপ্ত ই ভি এম পোৱা নাযাব। লগতে এইবাৰ আই টি প্ৰযুক্তিৰ সহায় লোৱা হৈছে। ডিজিটেল অনলাইন ইলেক্ট্ৰৰেল ৰোল ৰ লগতে ভোটাৰ তালিকা অনলাইন কৰা হৈছে। গাঁও পঞ্চায়তৰ বাহিৰে সকলো প্ৰাৰ্থীয়ে সবিশেষ অনলাইনত চাব পাৰিব। জিলা পৰ্যায়ত অভিযোগ দিয়াৰ বাবেও টোল ফ্ৰী নম্বৰ থাকিব।