অৱশেষত জামিন লাভ কৰিলে সদৌ অসম ছাত্ৰ সংন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।দুলীয়াজানৰ বি এন সিং পেট্ৰল পাম্পত সংঘটিত এটা মাৰপিটৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱাৰ পাছত দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতিক।১৯ মে’ত গ্ৰেপ্তাৰ হোৱাৰ পাছতে আদালতে শংকৰজ্যোতিক বৰুৱাক প্ৰেৰণ কৰিছিল ন্যায়িক জিম্মালৈ।কেইবাদিন কাৰাবন্দী হৈ থকাৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ আহিবৰ বাবে পথ মুকলি হৈছে শংকৰজ্যোতি বৰুৱাৰ। শংকৰজ্যোতি বৰুৱাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত বিগত দিন কেইটাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।লগতে উল্লেখ্য যে কিছুদিন পূৰ্বে দুলীয়াজানৰ বি এন সিং পেট্ৰল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি শংকৰজ্যোতি বৰুৱাৰ নাম সাঙোৰ খাইছিল।এই ঘটনাৰ ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল শংকৰজ্যোতি বৰুৱাক।আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক যেতিয়া আৰক্ষীয়ে হেণ্ডকাফ লগাই লৈ যায়।তেতিয়াই ৰাজ্যত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।একাংশ দল সংগঠনে ইয়াৰ বিৰোধিতা কৰাৰ লগতে এই কাণ্ডত জড়িত থকাৰ অভিযুক্ত তনু শ্বাহী নামৰ যুৱতীগৰাকীক গ্ৰেপ্তাৰৰ দাবী জনায়।ইয়াৰ মাজতে কেইবাটা দল-সংগঠনে এই ঘটনাত জড়িত যুৱতীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।