ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ অন্তত জামিন লাভৰ পিছতে মুকলি আকাশৰ তললৈ আহিল সদৌ অসম ছাত্ৰ সংন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।সোমবাৰে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল।মঙলবাৰে সকলো আইনী প্ৰক্ৰিয়া সমাপন কৰি ডিব্ৰুগড় কাৰাগাৰৰ পৰা ওলাই আহে শংকৰজ্যোতি বৰুৱা।উল্লেখ্য যে যোৱা ১৭ মে’ত দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰল পাম্প ছাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা।ইয়াৰ পিছতে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।আনকি বৰুৱাক গ্ৰেপ্তাৰ কৰি হাতত হেণ্ডকাফ লগাই আদালতলৈ নিয়াক লৈ সৃষ্টি হৈছিল তুমুল বিতৰ্ক।শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰক লৈ দল-সংগঠনে বন্ধ দিছিল দুলীয়াজান।সমগ্ৰ ঘটনাক লৈ আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া।কিন্ত ইয়াৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাত মঙলবাৰে কাৰাগাৰৰ পৰা ওলাই আহে প্ৰাক্তন আছু নেতাজন।
কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহা সদৌ অসম ছাত্ৰ সংন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়-৮ টা দিন কাৰাগাৰত আছিলো।অসমৰ সংবাদ মাধ্যমক ধন্যবাদ জনাইছো,তেওঁলোকে নিৰপেক্ষ বাতৰি পৰিৱেশন কৰিছে।যিসকল অসমৰ ৰাইজ আৰু দল-সংগঠনে স্বাভিমানৰ সপক্ষে মাত মাতিলে সকলোকে ধন্যবাদ জনাইছো।ৰাইজৰ সঁহাৰিৰ বাবে মই মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’লো।তেওঁ লগতে কয় যে-মোৰ ওপৰত যি সময়ত হেণ্ডকাফ লগাইছিল সেই সময়ত ৩০৭ ধাৰা আৰোপ কৰা নাছিল।ঘটনা সম্পৰ্কত মই ফেচবুকত এটা পোষ্ট কৰিছিলো, তাৰ বাবে ১১টা ধাৰা লগাই মোক আদালতলৈ হেণ্ডকাফ লগাই লৈ অহা হৈছিল।৩০৭ ধাৰাটো ৫ বজাৰ পাছত লগোৱা বুলি মোক জাননী দিছে।আৰক্ষীৰ ক্ষেত্ৰত কিয় এনেকুৱা কৰিলে সেইটো ৰাইজে বিচাৰ কৰিব কিন্ত এটা কথা নিশ্চিত হেণ্ডকাফ লগোৱা সময়ত মোৰ ওপৰত কোনো ৩০৭ ধাৰা আৰোপ কৰা নাই।কেৱল ফেচবুকত পোষ্টৰ বাবে ১১ টা ধাৰা আৰোপ কৰা হৈছিল বুলি মন্তব্য কৰে শংকৰজ্যোতি বৰুৱাই।