অৱশেষত গোচৰ ৰুজু মধ্য প্ৰদেশৰ প্ৰতাপী মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে

Share

অৱশেষত গোচৰ ৰুজু কৰা হ’ল মধ্য প্ৰদেশৰ প্ৰতাপী মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে।শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে জ্যেষ্ঠ নেতা তথা মধ্য প্ৰদেশৰ জনজাতি কল্যাণ মন্ত্ৰীগৰাকী। ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ জনজাতীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে বুধবাৰে মহুৰ মানপুৰ থানাত নিশা প্ৰায় ১১ বজাত গোচৰ পঞ্জীয়ন কৰা হয়।ভাৰতীয় সেনাই কৰ্ণেল ছফিয়া কুৰেশ্বীৰ নেতৃত্বত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই এফালৰ পৰা সন্ত্ৰাসবাদীক নিধন কৰাৰ পিছত এখন ৰাজহুৱা সভাত ভাষণ দি এইগৰাকী মন্ত্ৰী বিজয় শ্বাহে ছফিয়া কুৰেশ্বীৰ নাম উল্লেখ নকৰাকৈ সুদক্ষ সেনা বিষয়াগৰাকীক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি আখ্যা দিছিল।ইয়াৰ পিছতেই ছফিয়া কুৰেশ্বীৰ ভাতৃ চুলেমনে কয়-তেওঁ মোৰ ভগ্নী হোৱাৰ আগতে তেওঁ দেশৰ কন্যা।প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ প্ৰতি সচেতন হোৱা উচিত।মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছিল এক প্ৰতিক্ৰিয়াৰ।জবলপুৰ উচ্চ ন্যায়ালয়ে বুধবাৰে বিয়লি চাৰি ঘন্টাৰ ভিতৰত মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছিল।সেইমৰ্মেই নিশা প্ৰায় ১১ বজাত ৰুজু কৰা হয় এই গোচৰ।

আনহাতে পৰিস্থিতি বেয়ালৈ গতি কৰাত মধ্য প্ৰদেশ চৰকাৰৰ বিৰ্তকিত মন্ত্ৰী বিজয় শ্বাহে অৱশেষত ক্ষমা খোজে।তেওঁ কয়-আমাৰ প্ৰধানমন্ত্ৰীয়ে সেন্দূৰ কাঢ়ি নিয়াসকলক যিদৰে প্ৰত্যুত্তৰ দিলে আমাৰ ভগ্নীসকলৰ সৈতে সিহঁতে যি কৰিছিল সেয়াই সিহঁতৰ ভাষাৰে বুজাই দিয়া হ’ল।মই কব বিচাৰিছো যে মোৰ ভাষণ সেই প্ৰেক্ষাপটত দেখা উচিত নহয় যিসকলে মোৰ ভাষণক বেলেগ প্ৰেক্ষাপটত দেখিছে মই তেওঁলোকক কব বিচাৰিছো যে এইটো এই প্ৰসংগত নহয়।বিৰ্তকৰ মাজতে বিজেপি নেতা তথা বিজয় শ্বাহে পুনৰবাৰ মহিলা সেনা বিষয়াগৰাকীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰি কয় যে তেওঁ ভগ্নী ছফিয়া আৰু সেনাক সন্মান কৰে।উচ্চ ন্যায়ালয়ে তেওঁক ধমক দি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ নিৰ্দেশ দিয়ে আৰু ইয়াৰ পিছতে তেওঁ এই ক্ষমা বিচাৰিছিল।আদালতৰ নিৰ্দেশৰ পিছতেই ৰাজ্যৰ মন্ত্ৰীসভাৰ পৰা বিজয় শ্বাহক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবী তীব্ৰতৰ হৈ পৰে।বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগে ছচিয়েল মিডিয়াত এটা ভিডিঅ শ্বেয়াৰ কৰি বিজয় শ্বাহে কয় যে মোৰ শেহতীয়া বক্তব্যই সমাজৰ আৱেগত আঘাত দিছে।ইয়াৰ বাবে মই কেৱল লাজ পোৱাই নহয় গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষমাও বিচাৰিছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *