২০২৪ বৰ্ষৰ ফিল্মফেয়াৰ বঁটা

Share
যোৱা ২৭ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৬৯ সংখ্য়ক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিল।এই অনুষ্ঠানত বলিউডৰ বিভিন্ন জনপ্ৰিয় ছবিত অভিনয়ৰে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি বলিউডৰ কলা কুশলীয়ে বিভিন্ন শিতানত পুৰস্কাৰ লাভ কৰে।দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে অভিনেতা ৰণবীৰ কাপুৰে।লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা নাভ কৰে বলিউডৰ অভিনেত্ৰী আলিয়া ভাটে।গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত এই অনুষ্ঠানত আলিয়া ভাটে ৰকী অউৰ ৰাণী কি প্ৰেম কাহিনী ছবিৰ বাবে  শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।আনহাতে এনিমেল শীৰ্ষক ছবিৰ বাবে   শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ৰণবীৰ কাপুৰে।

                            আনফালে  শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে ‘টুৱেলভথ ফেইল’ নামৰ ছবিখনে।এই ছবিখনৰ বাবে বিধুবিনোদ চোপ্ৰাক শ্ৰেষ্ঠ নিৰ্দেশকৰ বঁটা প্ৰদান কৰা হয়।এই ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে বিক্ৰান্ত মেছিয়ে।আনহাতে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে ‘জ’ৰাম ছবিয়ে।’ডুংকি’ ছবিৰ বাবে পুৰুষৰ শাখাত শ্ৰেষ্ঠ সহযোগীৰ  বঁটা লাভ কৰে ভিকি কৌশলে।একেদৰে মহিলাৰ শাখাত ‘ৰকি অউৰ ৰাণী কি প্ৰেম কাহিনী’ ছবিত কৰা সহযোগী অভিনেত্ৰীৰ শিতানত অভিনয় কৰা শ্বাৱনা আজমীক শ্ৰেষ্ঠ সহঅভিনেত্ৰীৰ  বঁটা প্ৰদান কৰা হয়।ইয়াৰোপৰি ‘এনিমেল’ ছবিয়ে শ্ৰেষ্ঠ সংগীত এলবামৰ শিতানত পুৰস্কাৰ লাভ কৰাৰ লগতে শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা লাভ কৰে অমিতাভ ভট্তাচাৰ্যই। মহিলাৰ শ্ৰেষ্ঠ প্লেবেক গায়িকাৰ বঁটা লাভ কৰে ‘পাঠান’ ছবিৰ বেচৰম ৰং গীতত কণ্ঠদান কৰা সংগীত শিল্পী শিল্পা ৰাৱে।’অ মাই গড২’ ছবিৰ বাবে শ্ৰেষ্ঠ কাহিনীৰ শিতানত বঁটা লাভ কৰে অমিত ৰায়ে।তদুপৰি এই বঁটা প্ৰদান অনুষ্ঠানত ডেভিদ ধাৱানক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *