নিউজ ডেস্কঃ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ কৰিলে ফিফাই। তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ওপৰত আৰোপ কৰা নিলম্বন প্ৰত্যাহাৰ কৰা হৈছে। শুকুৰবাৰে এক প্ৰেছ বিবৃতিৰ দ্বাৰা ফিফাই জানিবলৈ দিয়ে এই কথা। ফিফাই নিলম্বন প্ৰত্যাহাৰ কৰাৰ পাছতেই ১৭ বছৰৰ অনুৰ্ধৰ মহিলা বিশ্বকাপৰ আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত যি বাধা আহি পৰিছিল সেই বাধাও বৰ্তমান আঁতৰিল।
উল্লেখ্য যে, ১১-৩০ অক্টোবৰ ২০২২ ত অনুস্থিত হ’বলগীয়া ১৭ অনুৰ্ধৰ মহিলা বিশ্বকাপ ২০২২ ভাৰতত অনুষ্ঠিত হ’ব।