ৰামচন্দ্ৰৰ অযোধ্যা আগমনৰ উল্লাসত অযোধ্যাৰ লগতে সমগ্ৰ দেশবাসীয়ে পালন কৰিছিল দীপাৱলী।অমাৱস্যাৰ আন্ধাৰ দূৰ কৰিবলৈ মাটিৰ চাকিৰে পোহৰাই তুলিছিল সমগ্ৰ দেশ।তেতিয়াৰ পৰায়ে দেশবাসীয়ে প্ৰতিবছৰে পালন কৰি আহিছে দীপাৱলী।মাটিৰ চাকি জ্বলাই পোহৰাই তুলে ঘৰৰ লগতে চৌহদ।ৰামচন্দ্ৰৰ অযোধ্যাৰ আগমনত অযোধ্যাবাসীলৈ সুখ-শান্তি ঘূৰি অহাৰ দৰেই দীপাৱলীয়ে সকলোৰে জীৱনলৈ শান্তিৰ নিজৰা বোৱাই তোলে বুলি বিশ্বাস কৰে দেশবাসীয়ে।
বিগত কিছু বছৰৰ পৰা অত্যাধুনিকতায়ে গ্ৰাস কৰা দেশবাসীয়ে ৰঙ-বিৰঙৰ লাইটৰ জাক-জমকতা প্ৰদৰ্শনেৰে আৰু আতচবাজী ফুটাই পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হৈছে।ক্ৰমে চীনা সামগ্ৰী ব্যৱহাৰৰ প্ৰতি ধাৱমান হৈ পৰিছে দেশবাসী।মাটিৰ বন্তি জ্বলোৱা পৰম্পৰা লাহে-লাহে হেৰাই গৈ চীনৰ লাইটে সমাদৰ লাভ কৰিছে দেশবাসীৰ মনত।ক্ৰমে নিম্নগামী হৈ পৰিল থলুৱা ব্যৱসায়ীৰ বজাৰ।
থলুৱা সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে “VOCAL FOR LOCAL” ৰ আহ্বান জনাইছিল দেশবাসীক।মৃৎ শিল্পৰ জীৱিকাৰে পৰিয়াল চলাই নিয়া থলুৱা লোকসকলক সকাহ দিবলৈ প্ৰধানমন্ত্ৰীয়ে GST হ্ৰাস কৰি দিছিল।এই পদক্ষেপে ক্ৰমে উৰ্ধগ্ৰামী কৰি তুলিছিল থলুৱা ব্যৱসায়।চীনা সামগ্ৰী ব্যৱহাৰ বৰ্জন কৰি থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীয়ে।প্ৰধানমন্ত্ৰীৰ আহ্বানত বজাৰৰ পৰা খেদি পঠিওৱা হৈছে চীনা সামগ্ৰী।বজাৰ ভৰি পৰিছে থলুৱা সামগ্ৰীৰে।ভাৰতীয় সামগ্ৰীয়ে এতিয়া ক্ৰমে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।এটি সমীক্ষাৰ মতে,যোৱা ৪বছৰে ক্ৰমাগতভাৱে বৃদ্ধি পাইছে থলুৱা সামগ্ৰীৰ বিক্ৰী।২০২১চনত বিক্ৰী হৈছিল ১.২৫লাখ কোটি টকা,২০২২চনত ২.৫০লাখ কোটি টকা,২০২৩চনত ৩.৭৫লাখ কোটি টকা,২০২৪চনত ৪.২৫লাখ কোটি টকা।এইবাৰৰ আনুমানিক পৰিসংখ্যা ৪.৭৫লাখ কোটি টকা।থলুৱা সামগ্ৰীৰ বাবে এইয়া হৈ পৰিছে এক নতুন পৰিচয়।
দীপাৱলীত বৰ্তমানে এচামে অত্যাধিক হাৰত আতচবাজী ফুটাই শব্দ প্ৰদূষণৰ লগতে বায়ু প্ৰদূষণ কৰা দেখা যায়।তাৰ ফলত পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত বাধা দেখা আহি পৰা দেখা গৈছে।প্ৰকৃতিৰ লগতে জীৱ-জন্তু প্ৰতিও ভাবুকি আহি পৰিছে।পৰিৱেশ প্ৰদূষণৰ সমান্তৰালকৈ অসাৱধনতাৰ ফলতো ঠায়ে-ঠায়ে অগ্নিকাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হয়।যাৰ বাবে বয়-বস্তুৰ লগতে মানুহ হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হয়।
প্ৰকৃতিৰ লগতে সকলো ব্যক্তিৰ বাবে ভাল চিন্তা কৰি দেশবাসীয়ে আতচবাজী আৰু চীনা সামগ্ৰী ব্যৱহাৰ নকৰি মাটিৰ চাকি জ্বলাই দীপাৱলী উদযাপন কৰিব লাগে।