সমগ্ৰ মহানগৰীত ঘুৰি ফুৰিছে জালনোট সৰবৰাহকাৰী চক্ৰ ৷ লখৰাত ১০ লাখ টকাৰ ৫০০ টকীয়া জালনোট জব্দ কৰে গড়চুক আৰক্ষীয়ে ৷ সম্পূৰ্ণ টকা খিনি আছিল ২০ টা বান্দিলত ৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত লখিমপুৰৰ বিহপুৰীয়াৰ গোঁহাইকলনীৰ পৰা অহা দুই জালনোট ব্যৱসায়ী শ্বৰিফুল ইছলাম আৰু ছাজাদুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ৩ দিন পূৰ্বে গুৱাহাটীলৈ আহি হাতীগাঁৱৰ এখন ল’জত আছিল এই দুই সৰবৰাহকাৰী ৷