সুপ্ৰিয়া তৰফদাৰ, ৫ অক্টোবৰঃ সোমবাৰে বিশ্বৰ বিভিন্ন প্ৰান্তত ফেচবুকৰ অধীনত বিভিন্ন এপ যেনে হোৱাটছ এপ ,ইনষ্টাগ্ৰাম, মেচেঞ্জাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল । ফেচবুক, ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী সকলে সন্মুখীন হোৱা এই অসুবিধাৰ বাবে ক্ষমা বিচাৰিলে মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে। তেওঁ ফেচবুকৰ জৰিয়তে কয়, ‘’ আজিৰ অসুবিধাসমূহৰ বাবে মই ক্ষমা বিচাৰিছো ।মই জানো আপোনালোকে প্ৰিয় ব্যক্তিসকলৰ সৈতে সংযোগ স্থাপন ৰাখিবলৈ আমাৰ সেৱাসমূহৰ ওপৰত কিমান নিৰ্ভৰশীল।’’
জানিব পৰা মতে সোমবাৰে এই স্থৱিৰতাৰ বাবে মাৰ্ক জুকাৰবাৰ্গৰ ব্যক্তিগত সম্পত্তি কেইঘন্টামানৰ ভিতৰতে প্ৰায় ৭ বিলিয়ন ডলাৰ হ্ৰাস পাইছে যাৰ ফলত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত তেওঁৰ নাম এক নস্বৰৰ পৰা পিছুৱাই পঞ্চম স্থানত হয়।