দিখৌমুখত ৰাস মহোৎৱৰ ব্যাপক প্ৰস্তুতি

Share

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ দিখৌমুখটো শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎৱৰ ব্যাপক প্ৰস্তুতি চলিছে ।শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎৱৰ এক অপূৰ্ব নিদৰ্শন দা‌ঙি ধৰিলে দিখৌমুখ মিলিত শিল্পী সমাজে| দিখৌমুখ বাসীয়ে ১৯৮৫ চনৰ পৰা বৰ্তমানলৈকে অঞ্চলটোৰ জাতি-জনগোষ্ঠী, ধর্ম-বর্ণ নির্বিশেষে সম্প্রীতিৰে উদযাপন কৰি আহিছে এই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ। এইবাৰো দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অহা ১৪ আৰু ১৫ নৱেম্বৰত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে , দিখৌমুখৰ শিশু, কিশোৰ-কিশোৰীৰ লগতে জ্যেষ্ঠ সকলোৱে দৈনিক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা আৰম্ভ কৰিছে। ইফালে, দিখৌমুখ মিলিত শিল্পী সমাজৰ শ্ৰী শ্রী কৃষ্ণ ৰাসলীলা মহোৎসৱ উদ্দেশ্যে ইতিমধ্যে বুবুল দত্তক সভাপতি, গণেশ মিলি কার্যকৰী সভাপতি, ত্রিদীপ নন্দন শইকীয়া সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰিছে ,উদ্যোক্তা সকলে অনুষ্ঠানটোত সকলো ৰাইজৰ সহায় সহযোগিতা লগতে উপস্থিতি কামনা কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *