পদূলিত ভুমুকি মাৰিছে ফাগুনে।ফাগুন মানেই এক আশাৰ বতৰা।ফাগুন মানেই যেন উ९সৱৰ বতৰ।মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উ९সৱ আলি আয়ে লৃগাঙলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।ৰং সলাইছে প্ৰকৃতিয়ে।চৌদিশে ফুলিছে পলাশ,মদাৰ,শিমলু।ৰাঙলী হৈছে ৰাজ্যৰ আকাশ বতাহ।ফাগুন মাহ হল বসন্তৰ আৰম্ভণি।কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মিচিং জনবসতিপ্ৰধান ঢকুৱাখানাতো চলিছে এতিয়া আলি আয়ে লৃগাঙক আদৰাৰ ব্যাপক প্ৰস্তুতি।ঐনিতম হৈছে মিচিং সকলৰ জনপ্ৰিয় গীত।ঐনিতমৰ সুৰত আৰু গুমৰাগৰ ছন্দত মুখৰিত হৈ পৰিছে ঢকুৱাখানাৰ মিচিং অধ্যুষিত অঞ্চলসমূহ।উল্লেখ্য যে,ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা হয় ভূমিপুত্ৰ জনগোষ্ঠীৰ কৃষিভিত্তিক উ९সৱ আলি আয়ে লৃগাং।জনগোষ্ঠীটোৰ প্ৰাণৰ উ९সৱ আলি আয়ে লৃগাং পালনৰ বাবে এতিয়া আনন্দত মতলীয়া হৈছে ঢকুৱাখানাৰ মিচিং সমাজ।ঢোল,তাল আদি বাদ্য যন্ত্ৰসমূহৰো পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পিছত গাঁৱে গাঁৱে গুমৰাগ নৃত্যৰ আখৰা,ঢোলৰ শব্দ,ঐনিতমৰ সুৰৰ লহৰ বাজি উঠিছে।ঢকুৱাখনাৰ মাতৰামৰ মিচিং জনগোষ্ঠীৰ ডেকা-গাভৰুসকল একেলগ হৈ গুমৰাগৰ আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।নানাৰঙী সাজপাৰ পিন্ধি মিচিং ডেকা গাভৰুসকলে ব্ৰহ্মপুত্ত্ৰৰ পাৰত সৃষ্টি কৰিছে বৰ্ণিল পৰিৱেশ।ঐনিতমৰ সুৰত জীপাল হৈ পৰিছে সমগ্ৰ অঞ্চল।অঞ্চলটোৰ ২০খনৰো অধিক গাঁও একেলগ হৈ আঞ্চলিক ভিত্তিত উদযাপন কৰিব আলি আয়ে লৃগাং।
আনফালে,ব্যস্ততাৰ অন্ত নাই জীয়ৰীসকলৰো।মিবু গালোক,মচাং এগে-গাচৰ,পেঃৰ,বিবি,গাচেং,এৰকংক,গনঃৰ উগন,মিবু গালুক,টঙালি আদি বিভিন্ন সাজপাৰ প্ৰস্তুত কাৰ্য ইতিমধ্যে সম্পন্ন কৰি তুলিছে মিচিং গাভৰুসকলে।লগতে নঃগিন,আপঙকে ধৰি প্ৰয়োজনীয় সকলো সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।সাধাৰণতে গাঁও সমূহৰ প্ৰতিঘৰ লোক একত্ৰিত হৈ পৰম্পৰাগতভাৱে আলি আয়ে লিগাঙৰ লাই খুঁটা স্হাপন কৰে।আলি আয়ে লৃগাঙৰ লাই খুঁটা স্হাপন কৰি গাঁওখনৰ জীয়ৰী বোৱাৰী সকলো মিলি সমজুৱাকৈ গোমৰাগ নৃত্য প্ৰদশন কৰে।এই উ९সৱ পাঁচ বা সাতদিনলৈকে উদযাপন কৰি বিশেষ নীতি নিয়মৰ দ্বাৰা সামৰণি হয়।