প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী অসুস্থ। বৰ্ষীয়ান সাংবাদিক গৰাকী শাৰীৰক অসুস্থতাৰ বাবে দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা নিউৰোল’জিকেল ৰিচাৰ্ছ চেন্টাৰ ( জি এন আৰ চি) ত চিকিৎসাধীন হৈ আছে। সাংবাদিকগৰাকীৰ স্বাস্থ্য দ্ৰুত অৱনতিৰ ঘটাৰ কাৰণে তেখেতক আই চি ইউত ৰখা হৈছে। অৱশ্যে পূৰ্বৰ তুলনাত বৰ্তমান তেখেতৰ স্বাস্থ্য ভালেখিনি উন্নত হোৱা বুলি চিকিৎসক সকলে জানিব দিয়ে।
উল্লখেযোগ্য যে জীৱনৰ বাটত ৯টা দশক গৰকা এই প্ৰবীণ সংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে দৈনিক অসম, দৈনিক জনমভূমি আৰু আজিৰ বাতৰি কাকতকে ধৰি কেইবাখনো কাকত সম্পাদনা কৰিছিল।